ইউক্ৰেইনৰ পৰিস্থিতি এতিয়াও অধিক ভয়াৱহ হৈ আছে৷ ইউক্ৰেইনত আবদ্ধ বৰপেটাৰ সৰুক্ষেত্ৰীৰ কয়াকুছিৰ সমীপৰ মৰিছা গাঁৱৰ জাহিদুল ৰহমানৰ কন্যা মাছুমা আহমেদে টেলিফোনত বৰ্ণনা কৰিলে দেশখনৰ ভয়াৱহ পৰিস্থিতিৰ কথা৷ যিকোনো মুহূৰ্ততে চলি থকা, গুলী, বোমা–বাৰুদ আদিৰ শব্দই পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ কথা প্ৰকাশ কৰিলে চিকিৎসা বিজ্ঞান পঢ়িবলৈ গৈ সম্প্ৰতি ইউক্ৰেইনত আবদ্ধ হৈ পৰা মাছুমা আহমেদ নামৰ ছাত্ৰীগৰাকীয়ে৷
চুমি বিশ্ববিদ্যালয়ত এতিয়াও অসমৰ প্ৰায় ৪০জন ছাত্ৰ-ছাত্ৰীৰ লগতে দেশৰ প্ৰায় ৮ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ভয়াৱহ অৱস্থাৰ মাজত দিন নিয়াবলগীয়া হৈছে৷ যুদ্ধজৰ্জৰ দেশখনৰ পৰা ভাৰতৰ ছাত্ৰ–ছাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি কাতৰ আহ্বান মাছুমাৰ৷ কিয়েভৰ পৰিস্থিতি জটিল হৈ পৰাৰ বাবেই বিদেশ মন্ত্ৰণালয়ে সম্প্ৰতি চুমিক বাদ দি কিয়েভত থকা ছাত্ৰ–ছাত্ৰীসকলক উদ্ধাৰতহে অধিক গুৰুত্ব দিয়া বুলি জনাইছে মাছুমাই৷
মাছুমাৰ আশা দুই এদিনতে তেওঁলোককো উদ্ধাৰ কৰিব চৰকাৰে৷ অৱশ্যে খাদ্যৰ সমস্যাৰ কথাও প্ৰকাশ কৰিছে ছাত্ৰীগৰাকীয়ে৷ যুদ্ধৰ ভয়াৱহতা, খাদ্য সংকট, প্ৰতিপলে অনিশ্চয়তাৰ মাজত থাকিও মাছুমা আহমেদে পিতৃ–মাতৃক ভালে থাকিবলৈ, খোৱা–বোৱা ভালকৈ কৰিবলৈ উপদেশ দিলে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|