মুখ্যপৃষ্ঠা »খবৰ »অসম »নাওবৈচাৰ মছজিদ চৌহদত কোনে শিল দলিয়াইছিল আৰক্ষীলৈ? আৰক্ষীয়ে News18ক জনালে ঘটনাৰ A to Z

নাওবৈচাৰ মছজিদ চৌহদত কোনে শিল দলিয়াইছিল আৰক্ষীলৈ? আৰক্ষীয়ে News18ক জনালে ঘটনাৰ A to Z

News18ৰ আগত কি ক’লে আৰক্ষীয়ে?

News18ৰ আগত কি ক’লে আৰক্ষীয়ে?

News18ৰ আগত কি ক’লে আৰক্ষীয়ে?

  • Share this:
বৃহস্পতিবাৰে নাওবৈচাৰ মছজিদৰ চৌহদত আক্ৰমণ কৰা হয় আৰক্ষীৰ এটা দলক। ল’ক  ডাউনৰ সময়তো নাওবৈচাৰ থানা এলেকাৰ পাণধোৱাক কোৱেট জামে মছজিদত দুই শতাধিক লোকৰ সমাগম হোৱাৰ খবৰ পাই মছজিদৰ চৌহদত উপস্থিত হৈছিল আৰক্ষীৰ দল। কিন্তু সেইসময়তে একাংশ লোকে আক্ৰমণ কৰে আৰক্ষীৰ দলটোক।

ইয়াৰ পিছতে একাংশ মাধ্যমত নামাজ পঢ়িবলৈ যোৱা লোকেই আৰক্ষীক আক্ৰমণ কৰাৰ চৰ্চা চলিছিল। এইপৰ্যন্ত নামাজ পঢ়িবলৈ যোৱা লোকসকলেই আৰক্ষীক আক্ৰমণ কৰাৰ তথ্য প্ৰমাণিত হোৱা নাই। তেনেহ'লে প্ৰকৃততে কোন জড়িত হৈ আছে ঘটনাৰ আঁৰত? এই সন্দৰ্ভত News18ৰ আগত বিশেষ মন্তব্য কৰিলে লখিমপুৰৰ আৰক্ষী অধীক্ষকে।

আৰক্ষীৰ মতে, বৰ্তমান ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। ঘটনাত প্ৰায় ২৫ৰ পৰা ৩০ জন লোক জড়িত থকাৰ তথ্য ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে। কিন্তু নামাজ পঢ়িবলৈ যোৱা লোকেই যে, আৰক্ষীক আক্ৰমণ কৰিছিল, এই কথা এতিয়াই কবলৈ টান। মন্তব্য আৰক্ষী অধীক্ষকৰ।

প্ৰকৃততে কি হৈছিল মছজিদৰ চৌহদত? News18 ক আৰক্ষীয়ে জনাইছে সবিশেষ তথ্য!

যেতিয়া আৰক্ষীয়ে খবৰ লাভ কৰে যে,নাওবৈচাৰ থানা এলেকাৰ পাণধোৱাক কোৱেট জামে মছজিদত প্ৰায় দুই শতাধিক লোকৰ সমাগম হৈছে, লগে লগে মছজিদ চৌহদত উপস্থিত হয় নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত্‍ নাথৰ নেতৃত্বত এটা দল।

কিন্তু আৰক্ষী অহাৰ খবৰ পাই মছজিদৰ ভিতৰত থকা একাংশ লোক দৌৰা-দৌৰিকৈ ওলাই যায়। মছজিদৰ ভিতৰত থাকি যায় কেৱল ইমাম সহ চাৰিজন মান লোক।

এনেদৰে কোৰোণাৰ মহামাৰীৰ সময়ত জনসমাগম কিমান ভয়াৱহ, এই সম্পৰ্কত আৰক্ষীৰ দলটোৱে মছজিদৰ ভিতৰত থকা কেইজনক বুজাই থাকোতেই হঠাত্‍ আৰক্ষীলৈ লক্ষ্য কৰি বিপৰীত দিশৰ পৰা শিলাবৰ্ষণ কৰে একাংশ লোকে। কিন্তু তেতিয়া তাত্‍পৰ্যপূৰ্ণ ভাবে অফ কৰি দিয়া হয় মছজিদৰ লাইট।

যেতিয়া মছজিদৰ লাইট অফ কৰে তেতিয়া আৰক্ষীলৈ লক্ষ্য কৰি ধাৰাসাৰ শিলাবৰ্ষণ কৰে। লগে লগে প্ৰাণৰ ভয়ত আৰক্ষীৰ দলটো মছজিদৰ ভিতৰলৈ সোমাই যায়। জানিব পৰা মতে, সেইসময়ত মছজিদৰ বিপৰীত ফালে থকা বজাৰখনতো আছিল কিছু সংখ্যক লোক।

শিল মৰা বন্ধ নকৰিলে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হ’ব বুলি মছজিদৰ ভিতৰৰ পৰা ধমক দিয়াত লগে লগে বন্ধ হয় শিল মৰা। কিন্তু আৰক্ষীৰ দলটো মছজিদৰ পৰা আঁতৰি যোৱাৰ পিছত পুনৰ একাংশই ৰাজপথত আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে। আক্ৰমণত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আৰক্ষীৰ বাহনখন।

পুনৰ উল্লেখ কৰো যে, এই ঘটনাত মছজিদলৈ নামাজ পঢ়িবলৈ অহা লোক জড়িত আছিল নে নাই এই সন্দৰ্ভত এই মুহূৰ্তত কোনো মন্তব্য নাই দিয়া আৰক্ষীয়ে। তদন্তৰ অন্ততহে ঘটনাত প্ৰকৃততে কোন জড়িত সেই কথা পোহৰলৈ আহিব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

শেহতীয়া বাতৰি