পুৱা ৮ বজাৰ পৰা ১১ বজালৈ আৰু ১ বজাৰ পৰা ৪ বজালৈ চাব পাৰিব চিৰিয়াখানা৷
পুৱা ৮ বজাৰ পৰা ১১ বজালৈ আৰু ১ বজাৰ পৰা ৪ বজালৈ চাব পাৰিব চিৰিয়াখানা৷
কোৰোণা মহামাৰীৰ বাবে ১৬ মাৰ্চৰ পৰাই বন্ধ আছিল অসম ৰাজ্যিক চিৰিয়াখানা৷ কোভিড মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্য চৰকাৰৰ নিদেৰ্শমৰ্মে চিৰিয়াখানা কৰ্তৃপক্ষই বন্ধ কৰি ৰাখিছিল চিৰিয়াখানাখনা৷ বিগত ৮টা মাহে বন্ধৰ সময়ছোৱাত যাতে জীৱকূলে কোনো ধৰণৰ সমস্যা নাপাই তাৰ বাবে বিশেষভাৱে নজৰ ৰাখে চিৰিয়াখানাৰ কৰ্তৃপক্ষই৷ শেহতীয়াকৈ কোৰণাৰ ভয়াৱহতা কিছু পৰিমানে হ্ৰাস পোৱাত দৰ্শণাৰ্থীৰ বাবে কোভিড প্ৰটকল মানি পুনৰ মুকলি কৰাৰ বাবে সাজু হৈছে চিৰিয়াখানা কৰ্তৃপক্ষ৷
১ ডিচেম্বৰ পৰা মুকলি হ’লেও পূৰ্বৰ দৰে ভিৰ দেখা নাপাব চিৰিয়াখানাত৷ মাক্স পিন্ধি সোমাব লাগিব চিৰিয়াখানাত৷ ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব চিৰিয়াখানাৰ ভিতৰত৷ এটা দিনত ৯০০ দৰ্শণাৰ্থী সোমাব পাৰিব চিৰিয়াখানাত৷
দুটা ভাগত চিৰিয়াখানা উপভোগ কৰিব পাৰিব দৰ্শণাৰ্থীসকলে৷ পুৱা ৮ বজাৰ পৰা ১১ বজালৈ আৰু ১ বজাৰ পৰা ৪ বজালৈ চাব পাৰিব চিৰিয়াখানা৷ অনলাইনযোগে উপলব্ধ হব চিৰিয়াখানাৰ টিকট৷ অৱশ্যে অনলাইন টিকট নাপালেও অফলাইনৰ জৰিয়তেও টিকটৰ ব্যৱস্থা থাকিব চিৰিয়াখানা চৌহদত৷
এতিয়াৰে পৰা ৬৫ বছৰৰ ঊৰ্ধ্বৰ লোকক প্ৰৱেশ কৰিব দিয়া নহ’ব ৰাজ্যিক চিৰিয়াখানাত। কণমানিসহ মাতৃকো সোমাব দিয়া নহ’ব ৰাজ্যিক চিৰিয়াখানাত৷ বিগত ৮টা মাহৰ অন্তত খুলিবলৈ লোৱা ৰাজ্যিক চিৰিয়াখানাত দৰ্শণাৰ্থীসকলে নতুনকৈ দেখা পাব বাঘ আৰু সিংহৰ পোৱালি৷ ১ ডিচেম্বৰৰ পৰা আহিবলগীয়া দৰ্শণাৰ্থীৰ বাবে ইতিমধ্য সাজু কৰি তুলিছে ৰাজ্যিক চিৰিয়াখানা৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|