• Home
  • »
  • News
  • »
  • assam
  • »
  • জীৱ-জন্তুক শীতৰ পৰা ৰক্ষা সকাহ দিবলৈ বিশেষ ব্যৱস্থা চিৰিয়াখানা কৰ্তৃপক্ষৰ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও লৈছে এনে উদ্যোগ

জীৱ-জন্তুক শীতৰ পৰা ৰক্ষা সকাহ দিবলৈ বিশেষ ব্যৱস্থা চিৰিয়াখানা কৰ্তৃপক্ষৰ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও লৈছে এনে উদ্যোগ

ডিচেম্বৰ মাহ অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে শীতৰ প্ৰকোপ।মানুহৰ লগতে শীতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিভিন্নজনে লৈছে বিভিন্ন পন্থা।

ডিচেম্বৰ মাহ অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে শীতৰ প্ৰকোপ।মানুহৰ লগতে শীতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিভিন্নজনে লৈছে বিভিন্ন পন্থা।

ডিচেম্বৰ মাহ অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে শীতৰ প্ৰকোপ।মানুহৰ লগতে শীতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিভিন্নজনে লৈছে বিভিন্ন পন্থা।

  • Share this:
ডিচেম্বৰ মাহ অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে শীতৰ প্ৰকোপ।মানুহৰ লগতে শীতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিভিন্নজনে লৈছে বিভিন্ন পন্থা।মানুহৰ লগতে জীৱ-জন্তু সমূহে শীতৰ পৰা হাত সাৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে।

উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ চিৰিয়াখানা অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুৱে শীতৰ পৰা নিৰাময় পোৱাৰ বাবে হিটাৰৰ লগতে আন আন সামগ্ৰী ব্যৱহাৰ কৰিছে। বিশেষকৈ বাঘ, সিংহ,অজগৰ বাবে হিটাৰৰ লগতে পিঞ্জিৰা সমূহত ১০০ বাটৰ ব্লাফ সংযোগ কৰা হৈছে।

লগতে হৰিণা থকা ঘৰ সমূহত হৰিণা শুৱাৰ বাবে খেৰ দিয়া হৈছে। লগতে পশুৰ বাবে উপযোগী কাৰ্পেট ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই। কেৱল জীৱ-জন্তুৰে নহয়, চৰাই-চিৰিকতিৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চিৰিয়াখানাই।

আনহাতে কাজিৰঙা ৰাষ্টীয় উদ্যোনত চি ডাব্লিও আৰ চিয়ে দুটা গঁড়ৰ পোৱালিয়ে শীতৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কম্বল প্ৰদান কৰিছে। বৰ্তমান ডাব্লিও আৰ চিৰ তত্বাৱধানত পাঁচটা গঁড় আৰু নটা হাতী আছে। তাৰে দুটা গঁড় সৰু অৱস্থাত থকাৰ বাবে এই ব্যৱস্থা হাতত লৈছে।উল্লেখযোগ্য যে,ইয়াৰপূৰ্বে জীৱ-জন্তুৱে গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছিল চিৰিয়াখানা কৰ্তৃপক্ষই।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি