শনিবাৰে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতৃত্বত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় ৪ শতাধিক কৰ্মীয়ে। প্ৰতিবাদত ভাগ লয় সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদকে আদি কৰি বহু শীৰ্ষস্থানী.য় নেতাই।
প্ৰতিবাদ স্থলীত ৰকিবুল হুছেইন শেহতীয়াকৈ সংঘটিত হোৱা অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত উচ্চ ন্যায়লয়ৰ দণ্ডাধীশৰ জৰিয়তে কৰোৱাৰ দাবী কৰে। কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ কাৰ্য্যলয় জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰীজনে৷
সেইদৰে নিযুক্তি কেলেংকাৰীত মুখ্যমন্ত্ৰী সোণোৱাল জড়িত থকাৰো অভিযোগ উত্থাপিত কৰে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈৰ মতে, ‘বিজেপি দলত দুৰ্নীতিগ্ৰস্ত নেতা কৰ্মীয়ে যোগদান কৰে। দুৰ্নীতিৰ ক’লা দাগ আঁতৰাবলৈ বিজেপি যায় নেতা ৷ লুইবাৰ্জাৰ কেলেংকাৰীত জড়িতগৰাকীৰ যোগদানেই এই কথা প্ৰমাণ কৰে।’
ইফালে
ৰাজ্যত SI কেলেংকাৰীৰ লগতে জনসংযোগত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰো তদন্ত ঘোষণা কৰিবলৈ দাবী কৰে যুৱ কংগ্ৰেছে। Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|