ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত নচলিব ৰঙা বাছ সেৱা ৷ ৰাজ্যত ৰঙা বাছ সেৱা বন্ধৰ সিদ্ধান্ত অসম চৰকাৰৰ ৷ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত প্ৰকাশ ASTC ৰঙা বাছ বন্ধৰ কথা ৷
এই ব্যৱস্থা বন্ধৰ লগে লগে ৰাজ্যৰ ধ্বংস হ'ল আৰু এটা চৰকাৰী অনুষ্ঠান ৷ বছৰ বছৰ ধৰি লাভৰ মুখ নেদেখা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছ বন্ধৰ সিদ্ধান্তক সহজে গ্ৰহণ কৰা নাই বিৰোধী ৰাজনৈতিক দলে ৷
অৱশ্যে উৱেৰাইজেচন আঁচনিৰ অধীনত ASTCৰ CNG বাছ সেৱা চলোৱাৰ সিদ্ধান্ত চৰকাৰৰ ৷ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেটৰ প্ৰতিলিপিত উল্লেখিত এই সিদ্ধান্তৰ পিছতে সৰব ৰাজ্যৰ বিৰোধী শিবিৰ ৷ এটাৰ পিছত আনটো চৰকাৰী ধ্বংস ৰাজ্য চৰকাৰৰ এয়া এক গভীৰ ষড়যন্ত্ৰ ৷
অগপৰ দিনত মৃত্যুমুখলৈ গতি কৰা ৰাজ্যিক পৰিবহণ নিগম উদ্ধাৰ হৈছিল কংগ্ৰেছৰ কাৰ্যালয়ত ৷ পিছে, কংগ্ৰেছৰ দিনত উদ্ধাৰৰ পিছতো সুপৰিকল্পিত ব্যৱস্থাৰ অভাৱত পুনৰ লোকচানৰ সন্মুখীন বিজেপিৰ দিনত ৷ অৱশেষত বিজেপিৰ কাৰ্যকালত বন্ধ কৰিলে ASTCৰ বাছ সেৱা ৷
Published by: Gautam Barman
FIRST PUBLISHED : March 17, 2023, 21:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।