মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam State Film Awards : ‘নাহিদৰ ভুল নহয়, ভুল জুৰী কমিটীৰ’ – ক’লে বিধায়ক জাকিৰ হুছেইন শিকদাৰে

Assam State Film Awards : ‘নাহিদৰ ভুল নহয়, ভুল জুৰী কমিটীৰ’ – ক’লে বিধায়ক জাকিৰ হুছেইন শিকদাৰে

নাহিদক প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা

নাহিদক প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা

‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা–ভাকু’ গীতটোৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হৈছিল। অৱশ্যে এই সন্দৰ্ভত নাহিদ আফ্ৰিনে ইতিমধ্যে স্পষ্টীকৰণ প্ৰকাশ কৰিছে।

  • Share this:
অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া (Assam State Film Awards)। কণ্ঠশিল্পী নাহিদ আফ্ৰিনক (Nahid Afrin) শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা প্ৰদানৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ। কাৰণ নাহিদক যিটো গীতৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে, সেই গীতটো নাহিদে গোৱা নাছিল, গাইছিল ৰূপজ্যোতি দেৱীয়েহে।

‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা–ভাকু’ গীতটোৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হৈছিল। অৱশ্যে এই সন্দৰ্ভত নাহিদ আফ্ৰিনে ইতিমধ্যে স্পষ্টীকৰণ প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। আজি বিধানসভা চৌহদত বিধায়কগৰাকীয়ে কয়, ‘‘নাহিদৰ ভুল নাই, ভুল জুৰী কমিটীৰ। নিমন্ত্ৰণী পত্ৰত ছবিখনৰ গানটোৰ উল্লেখ নাই। নাহিদৰ কোনো ভুল নাই।

আৰু পঢ়ক : অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ নাহিদ আফ্ৰিনৰ স্পষ্টীকৰণ

‘‘নাহিদে বঁটা লৈ ভুল কৰা নাই। মোক বিধানসভাত এটা ভাষণৰ বাবে বঁটা দিব, কোনটো ভাষণক লৈ দিছে সেইটো মই কি জানো। মই কি বঁটা নল’ম নেকি! যদি ভুল কৰিছে বঁটা দিয়াসকলে কৰিছে।’’ – ক’লে জাকিৰ হুছেইন শিকদাৰে।

ইফালে, মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ‘‘নাহিদে যদি বঁটা পোৱা নাছিল তেতিয়া হ’লে ল’ব নালাগিছিল। এয়া নিশ্চয় ভুল বুজাবুজি হৈছে।’’

শেহতীয়া বাতৰি