মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যিক চলচিত্ৰ বঁটাক লৈ দুই মেৰুত দুই মন্ত্ৰী ! মন্ত্ৰী বিমল বৰাই ক'লে এয়া Human Error ...

ৰাজ্যিক চলচিত্ৰ বঁটাক লৈ দুই মেৰুত দুই মন্ত্ৰী ! মন্ত্ৰী বিমল বৰাই ক'লে এয়া Human Error ...

ৰাজ্যিক চলচিত্ৰ বঁটা গ্ৰহন কৰি অথন্তৰৰ সন্মুখীন হৈছিল শিল্পী নাহিদ ৷ এই বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ দুই ভাষ্য ৷ এজনে কৈছে নাহিদে বঁটা ঘুৰাই দিব লাগে, এজনে কৈছে নাহিদেই পাইছে বঁটা, ঘুৰাই দিব নালাগে এই বঁটা ৷ 

ৰাজ্যিক চলচিত্ৰ বঁটা গ্ৰহন কৰি অথন্তৰৰ সন্মুখীন হৈছিল শিল্পী নাহিদ ৷ এই বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ দুই ভাষ্য ৷ এজনে কৈছে নাহিদে বঁটা ঘুৰাই দিব লাগে, এজনে কৈছে নাহিদেই পাইছে বঁটা, ঘুৰাই দিব নালাগে এই বঁটা ৷ 

ৰাজ্যিক চলচিত্ৰ বঁটা গ্ৰহন কৰি অথন্তৰৰ সন্মুখীন হৈছিল শিল্পী নাহিদ ৷ এই বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ দুই ভাষ্য ৷ এজনে কৈছে নাহিদে বঁটা ঘুৰাই দিব লাগে, এজনে কৈছে নাহিদেই পাইছে বঁটা, ঘুৰাই দিব নালাগে এই বঁটা ৷ 

  • Share this:
ৰাজ্যজুৰি বিতৰ্কৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল শিল্পী নাহিদ আফ্ৰিন ৷ ৰাজ্যিক চলচিত্ৰ বঁটা গ্ৰহন কৰি অথন্তৰৰ সন্মুখীন হৈছিল শিল্পী নাহিদ ৷ এই বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ দুই ভাষ্য ৷ এজনে কৈছে নাহিদে বঁটা ঘুৰাই দিব লাগে, এজনে কৈছে নাহিদেই পাইছে বঁটা, ঘুৰাই দিব নালাগে এই বঁটা ৷ নাহিদে বঁটা ঘূৰাই দিব লাগে বুলি মন্তব্য পীযুষ হাজৰিকাৰ ৷ বিপৰীতে বঁটা ঘুৰাই দিব নালাগে বুলি কৈছে বিমল বৰাই ৷

অষ্টম অসম ৰাজ্যিক চলচিত্ৰ বঁটাক লৈ ৰাজ্যজুৰি চ'লে তুমূল বিতৰ্ক ৷ ১৩ মাৰ্চত গ্ৰহন কৰা বঁটা ঘুৰাই দিব লাগিব নেকি জনপ্ৰিয় শিল্পী নাহিদ আফ্ৰিনে ?  ইয়াকে লৈ ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰীৰ দুই ভাষ্য। মন্ত্ৰী পীযুষ হাজৰিকাই নাহিদ আফ্ৰিনে বঁটা ঘুৰাই দিব লাগে বুলি কোৱাৰ বিপৰীতে বঁটা ঘুৰাই দিব নালাগে বুলি যুক্তি দিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ৷ যিখন ছবিৰ যিটো গীতত কণ্ঠদানৰ বাবে বঁটা প্ৰদান কৰা হ'ল সেই গীতটোত কন্ঠদান কৰা নাছিল নাহিদ আফ্ৰিনে। কিন্তু প্ৰশ্ন হ'ল যদি গীতটোৰ লগত জড়িত নাছিল কিয় নিৰ্বাচিত কৰা হ'ল নাহিদক, কাৰ ভুলৰ বাবে ৰাজ্যজুৰি সমালোচনাৰ বলি হ'ল শিল্পী গৰাকী? মন্ত্ৰী বিমল বৰাৰ মতে, "বঁটা নাহিদক দিয়া হৈছে প্ৰডিউচাৰ-ডাইৰেক্টৰে দিয়া নামৰ ভিত্তিত ৷ এয়া হিউমেন এৰ'ৰ ৷ গানটোৰ নামটো দিওঁতেহে ভুল হৈছে ৷ জুৰীৰ সদস্যৰ গাত একো দোষ নাই ৷ বঁটাটো নাহিদেই পাইছে ৷ গানটো ভুলকৈ 'নীলাতে লুকা-ভাকু' বুলি উল্লেখ হ'ল ৷ নাহিদ আফ্ৰিনে বঁটা ঘুৰাই দিব নালাগে ৷ এই বিতৰ্কৰ অৱসান হ'ব লাগে ৷চিনেমাখনত নাহিদে যিটো গান গাইছে সেই গানটোৰ বাবেহে বঁটা পাইছে ৷ "বিমল বৰাৰ মতে এই বিতৰ্কৰ ইয়াতে অৱসান হ'ব লাগে ৷

পিছে হিউমেন ERROR বুলি ভবা নাই মন্ত্ৰী পীযুষ হাজৰিকাই ৷ জুৰী কমিটিৰ ভুলৰ বাবে বিপদত পৰিল নেকি নাহিদ আফ্ৰিন? নে, পৰিচালকে বিচাৰিছিল বঁটা দিয়া হওক একমাত্ৰ নাহিদক? এইক্ষেত্ৰত মন্ত্ৰী পিযুষ হাজৰিকাই ক'লে এনেকৈ ৷ "চিনেমাখনত গান গোৱা তিনিজনৰ নাম দিয়া আছিল জুবিন,পাপন আৰু নাহিদৰ ৷ এয়া চৰকাৰ বা জুৰীৰ ভুল নহয় ৷ নাহিদে নিজে গানটো গাইছেনে নাই ক'ব লাগিছিল  ৷ PRODUCER,DIRECTORএ নাম দিওঁতে কৰা ভুল বঁটাটো ঘুৰাই দিব লাগে নাহিদে ৷ গানটো কোনে গাইছে জুৰীয়ে কেনেকৈ চাব? মাতটো পৰীক্ষা কৰি থকা কাম নহয় জুৰীৰ ৷"—পীযুষ হাজৰিকাএদিন পূৰ্বে বঁটা গ্ৰহন কৰা শিল্পী গৰাকীক কৰা সমালোচনাৰ বাবে এতিয়া ৰাজ্যজুৰি চৰ্চা। জুৰী কমিটিৰ নিৰ্বাচনত খেলিমেলিৰ বাবেই এই কাণ্ড হোৱা বুলি প্ৰতিক্ৰিয়া বিৰোধী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ।  বুধবাৰে হঠাৎ ছেবা বিতৰ্কতকৈ চোক বাঢ়িল বঁটা বিতৰ্কৰ ৷ দুই মন্ত্ৰীৰ দুই ভাষ্য, সমালোচকৰ সমালোচনা, যোগ্য জনৰ ক্ষোভ, জুৰী কমিটিৰ ভুল, নাহিদ আফ্ৰিনৰ স্পষ্টিকৰণ। সমগ্ৰ বিষয়টো স্পষ্ট।  কোনে,ক'ত, কেনেকৈ কৰা ভুলৰ বাবে ১৩মাৰ্চত গ্ৰহন কৰা ৰাজ্যিক বঁটাৰ বাবে সমালোচনাৰ বলি হ'ল নাহিদ আফ্ৰিন?  অৱশেষত অসম ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জুৰী ব'ৰ্ডৰ ৷

শেহতীয়া বাতৰি