নগাঁৱৰ ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত পুনৰবাৰ চেম্পিয়ন খিতাপ অৰ্জন কৰিলে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ৷ নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত ৭৩সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল (73rd Independence Day Cup football)ৰ ফাইনেল খেলত কেৰালা ইউনাইটেড ফুটবল ক্লাবক হৰুৱাই চতুৰ্থবাৰলৈ স্বাধীনতা দিৱস কাপ বিজয়ৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হ'ল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলটো।
নিৰ্ধাৰিত সময়ত খেলখন ১ - ১ গ'লত ড্ৰ হোৱাত অতিৰিক্ত ৩০ মিনিট খেলোৱা হয়। অতিৰিক্ত সময়তো কোনো গ'ল নোহোৱাত টাইব্ৰেকাৰৰ সহায়ত ফলাফল নিৰ্ণয় কৰা হয়। পিছত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (Assam State Electricity Board) দলে কেৰালা ইউনাইটেড ফুটবল ক্লাবক টাইব্ৰেকাৰৰ সহায়ত সামগ্ৰিকভাবে ৪ - ৩ গ'লত পৰাস্ত কৰে।
উল্লেখ্য, প্ৰতিবছৰৰ দৰে এইবাৰো নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত দৰ্শকৰ বিপুল উছাহ দেখিবলৈ পোৱা যায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|