• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰোড শ্ব’, বাইক-চাইকেল ৰেলী কঠোৰ ভাৱে নিষিদ্ধ, কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত হ'ব উপ নিৰ্বাচন

ৰোড শ্ব’, বাইক-চাইকেল ৰেলী কঠোৰ ভাৱে নিষিদ্ধ, কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত হ'ব উপ নিৰ্বাচন

নিৰ্বাচন পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ’ব।

নিৰ্বাচন পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ’ব।

নিৰ্বাচন পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ’ব।

  • Share this:
৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত হ'ব উপ নিৰ্বাচন। তাৰ বাবে সাজু হৈছে নিৰ্বাচনী আয়োগ। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা।

  • নিৰ্বাচন পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ’ব।

  • কঠোৰ ক’ভিড-১৯ প্ৰটোকলৰ জৰিয়তে অনুষ্ঠিত হ’ব নিৰ্বাচন।

  • মনোনয়ন দাখিলৰ সময়ত ৰাজহুৱা সভা, শোভাযাত্ৰা আদি নিষিদ্ধ।

  • ৰোড শ্ব’, বাইক-চাইকেল ৰেলী কঠোৰভাৱে নিষিদ্ধ।

  • মাত্ৰ ৫ জন ব্যক্তিয়েহে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব।

  • ভোটদানৰ ৭২ ঘণ্টা পূৰ্বে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ।

  • ভোটাৰসকলে মাস্ক পিন্ধি ভোটকেন্দ্ৰলৈ আহিব লাগিব বা তেওঁলোকক কেন্দ্ৰত মাস্ক প্ৰদান কৰা হ’ব।

  • সন্ধিয়া ৭ বজাৰ পৰা পুৱা ১০ বজালৈ কঠোৰভাৱে নিষিদ্ধ প্ৰচাৰ।

  • ১০০০ তকৈ অধিক ভোটাৰ থকা ভোটকেন্দ্ৰত অতিৰিক্ত কেন্দ্ৰ স্থাপন কৰিব লাগিব।

  • ক’ভিড প্ৰটোকল উলংঘা কৰা প্ৰাৰ্থীসকলক প্ৰচাৰৰ বাবে অযোগ্য ঘোষণা কৰা হ’ব।

  • ৮০ বছৰৰ অধিক বয়সৰ আৰু শাৰীৰিকভাৱে অক্ষম জ্যেষ্ঠ নাগৰিকসকলে পোষ্টেল ভোটৰ সুবিধা পাব।

Published by:Himangshu Bhuyan
First published: