মুখ্যপৃষ্ঠা »খবৰ »অসম »Child Marriage: ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা বাল্য বিবাহ সংক্ৰান্তত অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষাৰ গুৰুত্বপূৰ্ণ তথ্য

Child Marriage: ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা বাল্য বিবাহ সংক্ৰান্তত অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষাৰ গুৰুত্বপূৰ্ণ তথ্য

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বাল্য বিবাহ সন্দৰ্ভত মহা অভিযোগ উত্থাপন

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বাল্য বিবাহ সন্দৰ্ভত মহা অভিযোগ উত্থাপন

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ বাল্য বিবাহ সন্দৰ্ভত মহা অভিযোগ উত্থাপন

  • Share this:
ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে বিভিন্ন সংস্থা আৰু শিশু সুৰক্ষা সমিটি আছে ৷ স্বাস্থ্য বিভাগৰ হাততো বাল্য বিবাহৰ তথ্য থাকে। তাৰ পিছতো কিন্তু বিষয়টোৰ আশু সমাধা নহয়। এনে কিছু সংস্থা, সংশ্লিষ্ট বিভাগৰ কাম কাজক লৈ বৰ্তমান অভিযোগৰ আঙুলি উঠিছে ৷ বাল্য বিবাহ ৰোধৰ বাবে ৰাজ্য চৰকাৰে চলোৱা অভিযানৰ সময়তে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এগৰাকী অধ্যক্ষা সুনিতা চাংকাকতিৰ পৰা কিছু ভয়ংকৰ তথ্য জানিব পৰা গৈছে ৷ কেৱল বৰাকৰ তিনিখন জিলাতে এবছৰত স্বাস্থ্য বিভাগত প্ৰায় ছয় হাজাৰ কম বয়সৰ গৰ্ভৱতীৰ তথ্য পঞ্জীয়ন হৈ আছে ৷

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতীয়ে কয় যে, ‘‘আমি যেতিয়া বাল্য বিবাহৰ খবৰ এটা পাঁও আয়োগৰ ফালৰ পৰা টীম এটা পঠাই দিয়া হয় ৷ সংশ্লিষ্ট জিলা খনলৈ যোৱাৰ পিছত আৰক্ষী, যুটীয়া স্বাস্থ্য সঞ্চালক আদিৰ পৰা বিষয়টোৰ তদন্তৰ খাতিৰত তথ্য সংগ্ৰহ কৰা হয় ৷ তেনে এক কথাতে বৰাকৰ তিনিখন জিলাত আমি প্ৰায় ছয়হাজাৰ 'টীন-এজাৰ প্ৰেগনেন্সি'ৰ তথ্য দিছিলো ৷’’ আয়োগৰ অধ্যক্ষা চাংকাকতীয়ে লগতে কয় যে, ‘‘স্বাস্থ্য বিভাগ, গাঁও পঞ্চায়ত, গাঁওবুঢ়া, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, District Child Protection Officer অৰ্থাৎ জিলা শিশু সুৰক্ষা বিষয়া, আৰক্ষী থানাৰ উদাসীনতাৰ বাবে বাল্য বিবাহৰ দৰে কুপ্ৰথা হ্ৰাস হোৱা নাই ৷’’

আয়োগৰ এনে মহা অভিযোগৰ পিছত তথ্য বিচাৰি ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ কাষ চপা হৈছিল ৷ অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ অন্তৰ্গত ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ প্ৰ'গ্ৰাম অফিচাৰ প্ৰিয়ম্বদা মিশ্ৰ আৰু মমী মিলিয়ে DCPO সকলে নিজৰ কাম কৰি আছে বুলি দাবী কৰে ৷ অৱশ্যে, জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয় সমূহত পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱ, আৰক্ষীৰ পৰা সহযোগ লাভ নকৰা আদি অসুবিধাৰ বিষয়ে বিভাগটোৰ দুয়োগৰাকী বিষয়াই জনালে। উল্লেখ্য যে, ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ দায়িত্ব হৈছে বাল্য বিবাহৰ খবৰ লাভ কৰিলে বাধা দি, সেই শিশুক উদ্ধাৰ কৰি কাউন্সেলিং কৰাৰ লগতে সংস্থাপনৰ দিশটোত কাম কৰা ৷ কিন্তু এইবোৰ কৰিবলৈ যাওঁতেও আৰক্ষীৰ পৰা সহায় নোপোৱাৰ অভিযোগউত্থাপন কৰা হৈছে।

আনহাতে, শিশুৰ সুৰক্ষাৰ বিভিন্ন দিশত ৰাজ্যত প্ৰায় ত্ৰিশতকৈ অধিক NGOই কাম কৰি আছে যদিও অকল বাল্য বিবাহ ৰোধৰ বাবে ওতঃপ্ৰোতঃ লাগি থকা কোনো NGO নাই ৷ বাল্য বিবাহৰ দৰে এক গম্ভীৰ সমস্যাত উদ্বেগজনকভাৱে বিয়াগোম স্বাস্থ্য বিভাগ, আৰক্ষীৰ উদাসীনতাক লৈ যি অভিযোগ আহিছে সেয়া মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ চাই পদক্ষেপ লোৱাতোহে এতিয়া গুৰুত্বপূৰ্ণ হ’ব ৷

শেহতীয়া বাতৰি