বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়ে, ৰাজ্যিক সমিতি গঠনৰ পিছত এইবাৰ প্ৰকাশ কৰিলে মুখপাত্ৰৰ তালিকা

আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে গঠন কৰিছে নতুন ৰাজ্যিক সমিতি
আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে গঠন কৰিছে নতুন ৰাজ্যিক সমিতি
- News18 Assam
- Last Updated: August 7, 2020, 11:15 PM IST

আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে গঠন কৰিছে নতুন ৰাজ্যিক সমিতি। লগতে প্ৰতিটো সমষ্টিত দলৰ ভেটি মজবুত কৰিবলৈ এতিয়া সকলো নেতা-কৰ্মীয়ে নিজকে আত্মনিয়োগ কৰিছে।

শুকুৰবাৰে ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰে নতুন মুখপাত্ৰৰ তালিকা। গুৱাহাটীৰ সাংসদ কুইন ওজা, জানকী খাউণ্ড, সদ্যপ্ৰাক্তন উপসভাপতি বিশ্বৰূপ ভট্টাচাৰ্য, ধেমাজী বিজেপিৰ নেতা অশ্বিনী পাইট, জ্যেষ্ঠ নেতা ৰামকৃষ্ণ ঘোষ, প্ৰমোদ স্বামী, মনোজ বৰুৱা, লক্ষ্য কোঁৱৰ, বজালী বিজেপিৰ নেতা ফনী পাঠক,পবিত্ৰ মাৰ্ঘেৰিটা, সুভাষ দত্ত, হেমাংগ ঠাকুৰীয়া আৰু সুৰঞ্জন দত্তক দিয়া হৈছে মুখপাত্ৰ নিযুক্তি ৷