চৰকাৰৰ অতিৰিক্ত কৰ বৃদ্ধিত কোঙা সৰ্বসাধাৰণ ৷ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বিৰোধীৰ ৷ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পাব ঔষধ, টোল, বিদ্যুৎ মাচুল ৷ কেন্দ্ৰ ৰাজ্যৰ বিজেপি চৰকাৰৰ দিনত বৃদ্ধি পোৱা কৰৰ বোজাৰ ক্ষেত্ৰত গা এৰা মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
ঔষধ, টোল মাচুল বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ বিষয় ৷ বিদ্যুৎ মাচুল বৃদ্ধি বিষয়ক লৈ অৱগত নহয় মুখ্যমন্ত্ৰী ৷ আনকি বিদ্যুৎ মাচুল বৃদ্ধি বিষয়ত নিমাত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা ৷ প্ৰশ্ন, হয় ৷ মূল্য নিয়ন্ত্ৰণৰ লক্ষ্যৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰে অভিলেখ ৷ টোল বৃদ্ধিক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অদ্ভুত মন্তব্য ৷ ৪, ৫ লাখ টকাৰ গাড়ী ক্ৰয় কৰিবলৈ সক্ষম হোৱা লোকে টোল দিয়াত আপত্তি কত ? প্ৰশ্ন ভৱেশ কলিতাৰ ৷ ভাল পথেৰে যাব বিচাৰিলে টোল দিবই লাগিব ৷ প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত ভাল পথেৰে জনতা যাব পাৰিছে বুলি উল্লেখ সভাপতিগৰাকীৰ ৷ ইপিনে চৰকাৰী টোলৰ বোজাত ভিতৰুৱা পথ সমূহত দুৰ্ঘটনা হোৱাৰ অভিযোগ ৰকিবুল হুছেইনৰ ৷ পিছে, প্ৰশ্ন হৈছে বিৰোধী এনে ক্ষোভ, মন্তব্যই চৰকাৰৰ সিদ্ধান্তক সলনি কৰিব পাৰিব নে নাই সেয়া সময়ত লক্ষণীয় হ'ব ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 31, 2023, 15:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।