বিজেপি অসম প্ৰদেশে ঘোষণা কৰিলে বহু অপেক্ষাৰ কাৰ্যনিৰ্বাহক সমিতি৷ সমিতিখনত প্ৰথম দৃষ্টিতে প্ৰবীণ আৰু নবীণক সমানে গুৰুত্ব দিয়া যেনেই অনুভৱ কৰিছে দলটোৰ একাংশই৷ অসম প্ৰদেশ বিজেপিৰ পিতামহ স্বৰূপ কবীন্দ্ৰ পুৰকায়স্থকে ধৰি বৰ্তমান জীৱিত সকলো প্ৰাক্তন সভাপতিকে অৱধাৰিতভাৱে ৰাখিছে সমিতিত৷
বিজেপিৰ অসম প্ৰদেশৰ কাৰ্যকৰী সমিতিত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন সভাপতি ৰণজিৎ কুমাৰ দাস, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ভাৰত চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন সভাপতি নাৰায়ণ বৰকটকী, প্ৰাক্তন সভাপতি ৰাজেন গোঁহাই, প্ৰাক্তন সভাপতি ৰমেন ডেকা, প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত, প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী, হৰেকৃষ্ণ ভড়ালী, পৰিমল শুক্লবৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন, পীযূষ হাজৰিকা, অশোক সিংহল, ৰণোজ পেগু, বিমল বৰা, অজন্তা নেওগ, সঞ্জয় কিষাণ, ভুবনেশ্বৰ কলিতা, কুইন ওজাকে ধৰি ১৮৯জন সদস্য৷
কাৰ্যনিৰ্বাহকত আমন্ত্ৰিত সদস্য হিচাপে স্থান লাভ কৰিছে ৫৭জনে৷ য'ত কংগ্ৰেছকে ধৰি অন্য দলৰ পৰা অহা দুই চাৰিজনে লাভ কৰিছে কাৰ্যনিৰ্বাহকত স্থান ৷ বিজেপিয়ে প্ৰকাশ কৰা তালিকাখনত বিশেষ আমন্ত্ৰিত সদস্যৰ তালিকাত ৮৮জনৰ নাম সন্নিৱিষ্ট হৈছে৷ উল্লেখযোগ্য যে, অহা ২২-২৩ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত বিজেপিয়ে অনুষ্ঠিত কৰিব কাৰ্যনিৰ্বাহক বৈঠক৷
ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হ'ব লগীয়া কাৰ্যনিৰ্বাহকে বৰ্তমানৰ সামাজিক, ৰাজনৈতিক প্ৰেক্ষাপটত কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হ'ব৷ মঙলবাৰে ঘোষিত কাৰ্যকৰী সমিতিত স্থান লাভ কৰিছে কংগ্ৰেছ ত্যাগ কৰি অহা বহুকেইজন ন-বিজেপিয়ে ৷ ৰকিবুল হুছেইনৰে সংঘাতৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ শৰণাপন্ন হোৱা অনিল ৰাজাক অন্তৰ্ভুক্ত কৰাৰ দৰে আমন্ত্ৰিত আৰু বিশেষ আমন্ত্ৰিত সদস্যৰ বেলিকাও স্থান লাভ কৰিছে বহু নতুন মুখে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|