দেশৰ উন্নয়ন ৰাজ্যৰ তালিকাত অসমৰ স্থান ২৭!

নিটি আয়োগৰ প্ৰতিবেদনে উদঙাইছে অসমত হোৱা উন্নয়নৰ প্ৰকৃত স্বৰূপ

News18-Assam
Updated:July 1, 2019, 8:31 AM IST
দেশৰ উন্নয়ন ৰাজ্যৰ তালিকাত অসমৰ স্থান ২৭!
নিটি আয়োগৰ প্ৰতিবেদনে উদঙাইছে অসমত হোৱা উন্নয়নৰ প্ৰকৃত স্বৰূপ
News18-Assam
Updated: July 1, 2019, 8:31 AM IST
ৰাজ্যত কিমান হৈছে উন্নয়ন! ৰাজ্যত উন্নয়নৰ হাৰত কিমান উত্তৰণ ঘটাইছে শাসনত থকা বিজেপি চৰকাৰে। নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদনে উদঙাইছে ৰাজ্যৰ শেহতীয়া উন্নয়নৰ ফোপোলা ছবিখন। শক্তি, স্বাস্থ্য আৰু উদ্যোগীকৰণত শোচনীয় প্ৰদৰ্শন অসমৰ। ৰাজ্যৰ উন্নয়নৰ ছবি ইমানেই নিৰাশজনক যে দেশৰ ২৯ খন ৰাজ্যৰ ভিতৰত অসমৰে লাভ কৰিছে ২৭ নম্বৰ স্থান। সৰ্বাংগীন উন্নয়নৰ তালিকাত কেৱল বিহাৰ আৰু উত্তৰ প্ৰদেশতকৈহে ওপৰত আছে অসম।



নিটি আয়োগৰ এছ ডি জিৰ তালিকাই প্ৰকাশ কৰা তথ্য অনুসৰি তালিকাৰ শীৰ্ষত আছে হিমাচল প্ৰদেশ, সেইদৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে কেৰেলা আৰু তামিলনাডু। উল্লেখযোগ্য যে উন্নয়নৰ এই তালিকা প্ৰস্তুত কৰাৰ সময়ত নিটি আয়োগে স্বাস্থ্য, দৰিদ্ৰতা নিৰ্মূলকৰণ, শক্তি, শিক্ষা, লিংগবৈষম্য,অনাময় ব্যৱস্থা, পানী যোগান, অৰ্থনীতি বিকাশ আদি বিষয় সমূহ অন্তভুক্ত কৰা হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি