বছৰটোৰ প্ৰথমটো দিনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি।মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ বিৰুদ্ধে এতিয়া জাঙোৰ খাই উঠিছে জয় জনগোষ্ঠীয় ঐক্য মঞ্চ।
বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই।গণৰাজ্য দিৱসৰ দিনা চচলত হ'ব অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।ফেব্ৰুৱাৰী মাহত প্ৰতিখন জিলাৰ লগতে গুৱাহাটীত হ'ব জোৰলৈ সমদল। প্ৰয়োজন সাপেক্ষে অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ সাজু ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ।
জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰীয়ে ল'ৰা ধেমালি নকৰি এটা মাহৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আৰু স্পষ্ট মত প্ৰকাশ কৰিবলৈ আহ্বান জনালে তাই আহোম যুৱ ছাত্ৰ পৰিষদে।আন্যথা পুনৰ চৰকাৰৰ লগত আলোচনাত নবহে ছয় জনগোষ্ঠীয় সংগঠন। কি কংগ্ৰেছ চৰকাৰ আৰু এতিয়া কি বি জে পি চৰকাৰ।সকলোৱে জনজাতিকৰণক লৈ ৰাজনীতি কৰা বুলি অভিযোগ কৰে জনগোষ্ঠীয় সংগঠনসমূহে।
প্ৰতিবেদন প্ৰকাশ নকৰি জনগোষ্ঠীৰ মাজত মুখ্যমন্ত্ৰীয়ে সংঘাত কৰিব বিচৰাৰ অভিযোগ কৰে সংগঠনটোৱে।ইফালে,আক্রাছুৱেও মুখ্যমন্ত্ৰীৰ মন্তব্যক তীব্ৰ বিৰোধিতা কৰিছে। লগতে অসাংবিধানিক মন্তব্য আখ্যা দিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 06, 2022, 22:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।