உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ সুনাম কঢ়িয়াই অনা এগৰাকী খেলুৱৈয়ে কৰিব লগা হৈছে দিন হাজিৰা ! চৰকাৰলৈ অনুৰোধ, 'মোক এটা সংস্থাপন দিয়ক'...

    ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ সুনাম কঢ়িয়াই অনা এগৰাকী খেলুৱৈয়ে কৰিব লগা হৈছে দিন হাজিৰা ! চৰকাৰলৈ অনুৰোধ, 'মোক এটা সংস্থাপন দিয়ক'...

    অৰ্থৰ অভাৱত নিজ প্ৰচেষ্টাৰে খেল খেলি অৱশেষত চৰকাৰ প্ৰশাসনে বাদেই ঈশ্বৰৰ ওপৰতো যেন বিশ্বাস হেৰুৱাই পেলাইছে  ঈশ্বৰ নাথে । ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত লাউজানৰ পাটগিৰিচুৱাৰ নিবাসী ঈশ্বৰ চন্দ্ৰ নাথ বহু ৰাষ্ট্ৰীয়-ৰাজ্যিক পুৰস্কাৰৰে পুৰস্কৃত এজন খেলুৱৈ।

    • Share this:
    ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত লাউজানৰ পাটগিৰিচুৱাৰ নিবাসী ঈশ্বৰ চন্দ্ৰ নাথ বহু ৰাষ্ট্ৰীয়-ৰাজ্যিক পুৰস্কাৰৰে পুৰস্কৃত এজন খেলুৱৈ। তেখেত এজন চাইক্লিষ্ট লগতে মাৰাথানো দৌৰিছিল ।

    ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত খেলি অসমলৈ সুনাম  কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ক্ৰীড়াবিদগৰাকীয়ে। ৯০ৰ দশকত সকলো কৰিছিল নিজৰ প্ৰচেষ্টাত। প্ৰায় পাঁচ শতাধিক পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। বেংকৰ পৰা ঋণ লৈ খেল খেলিছিল ঈশ্বৰ চন্দ্ৰ নাথে কিন্তু কোনো এখন চৰকাৰে ঈশ্বৰক কোনো সহায় নকৰিলে ।অৰ্থৰ অভাৱত নিজ প্ৰচেষ্টাৰে খেল খেলি অৱশেষত চৰকাৰ প্ৰশাসনে বাদেই ঈশ্বৰৰ ওপৰতো যেন বিশ্বাস হেৰুৱাই পেলাইছে  ঈশ্বৰ নাথে । ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ সুনাম কঢ়িয়াই অনা ছিপাঝাৰৰ খেলুৱৈ ঈশ্বৰ চন্দ্ৰ নাথে কয় " মই দৌৰ, সাঁতোৰ, চাইক্লিং আদি বিভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰি মেডেল, ট্ৰফী, প্ৰশংসা পত্ৰ পাবলৈ সক্ষম হৈছোঁ । ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় পাঁচ শতাধিক পুৰস্কাৰ পাবলৈ সক্ষম হৈছো কিন্তু আজিলৈকে কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ নকৰিলো। যদি মোৰ ঘৰুৱা অৱস্থা ভাল হ'ল হেতেন মই আৰু ভাল ফলাফল দেখুৱাব পাৰিলোহেতেন।  এটা চাকৰিৰ কাৰণে গুৱাহাটীলৈ ২৭ দিন চাইকেল লৈ গৈছিলোঁ । গৈ গৈ মই ভাগৰি পৰিলো। এতিয়া দিন হাজিৰা কৰি ঘৰ চলাব লগীয়া হৈছে। মোৰ প্ৰমাণ পত্ৰ , ট্ৰফী, মেডেলসমূহ সযতনে ৰাখিছো। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনলৈ অনুৰোধ মোক কিবা এটা সংস্থাপন দিয়ক যাতে মই ঘৰখন চলাই নিব পাৰোঁ।"
    Published by:Kokil Sarma
    First published: