உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভেদ হোৱা নাই সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ ৰহস্য। তদন্তৰ দ্বিতীয় দিনা ওলাল কি কি তথ্য? ধৃত জুলফিকৰৰ পৰা আৰক্ষীয়ে পালে কি ক্লু?

    ভেদ হোৱা নাই সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ ৰহস্য। তদন্তৰ দ্বিতীয় দিনা ওলাল কি কি তথ্য? ধৃত জুলফিকৰৰ পৰা আৰক্ষীয়ে পালে কি ক্লু?

    সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ ৰহস্য কি? মোবাইলত মেছেজেৰ ভাবুকি দিয়া জুলফিকৰ জড়িত আছে নেকি ঘটনাত?

    সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ ৰহস্য কি? মোবাইলত মেছেজেৰ ভাবুকি দিয়া জুলফিকৰ জড়িত আছে নেকি ঘটনাত?

    সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ ৰহস্য কি? মোবাইলত মেছেজেৰ ভাবুকি দিয়া জুলফিকৰ জড়িত আছে নেকি ঘটনাত?

    • Share this:
    সোমবাৰে পুৱা গুৱাহাটীৰ হাতীগাঁৱৰ শেৱালী পথত ঘৰৰ সন্মুখৰ নলাত উদ্ধাৰ হৈছিল জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ ৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিয়ে মহানগৰীৰ নটবমাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জুলফিকৰ আলি নামৰ এজন ব্যৱসায়ীক । বহুবাৰ সাংবাদিক পূৰ্বজ্যোতি চুতিয়াক মেছেজেৰে ধমকি দিছিল জুলফিকৰে।

    জুলফিকৰৰ সৈতে ধনৰ লেনদেনক লৈ সাংবাদিকগৰাকীৰ সৈতে কিছু সংঘাত চলি থকা বুলি জনাইছে তদন্তকাৰী আৰক্ষীয়ে। জুলফিকৰে সাংবাদিকগৰাকীক ভাবুকি দিয়া মেছেজো আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

    জুলফিকৰৰ ভাবুকি ভৰা মেছেজেই নিৰ্ণয় কৰিব নেকি সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ কাৰণ? আৰক্ষীয়ে অনুসন্ধান কৰি আছে সকলো দিশৰ। আশা কৰা হৈছে বুধবাৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ওলালেই ভেদ হ'ব ৰহস্যৰ।
    Published by:Manjumoni Borah
    First published: