গ্লবেল টাইগাৰ ডে" উপলক্ষে অসমৰ স্নিফাৰ ড'গ কোৱাৰ্মীলৈ ৰাষ্ট্ৰীয় সন্মান । দেশৰ আন দুটাকৈ স্নীফাৰ ড'গৰ লগতে কোৱাৰ্মীয়ে লাভ কৰিলে "চুপাৰ স্নিফাৰ ড'গ" সন্মান। "গ্লবেল টাইগাৰ ডে" ৰ লগত সংগতি ৰাখি বন্য জীৱ জন্তুৰ বেহাৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা ট্ৰাফিক নামৰ আন্তৰাষ্ট্ৰীয় এন জি অ’ টোৱে ভাৰতবৰ্ষৰ তিনিটাকৈ স্নিফাৰ ড'গলৈ "চুপাৰ স্নিফাৰ ড'গ" ৰাষ্টীয় সন্মান আগবঢ়াইছে ৷
বিশেষকৈ লুকুৱাই থোৱা অস্ত্ৰ , বন্যজীৱ জন্তুৰ অংগ পতংগ আদি বিচাৰি উলিওৱাত অতি পাকৈত কোৱাৰ্মী ৷ ইয়াৰ উপৰিও ৰাজ্যত সংঘটিত হোৱা কেইবাটাও অপৰাধমুলক ঘটনাত কোৱাৰ্মীয়ে সহায় কৰিছে অসম আৰক্ষীক ৷
বাঘৰ লগত জড়িত হোৱা অপৰাধৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ আন দুটা স্নিফাৰ ড'গলৈ এই বটা প্ৰদান কৰা হৈছে যদিও কোৱাৰ্মীক এই সন্মান অনুসন্ধানৰ ক্ষেত্ৰত কোৱাৰ্মীয়ে আগবঢ়োৱা সম্পূৰ্ণ অৱদানৰ বাবে প্ৰদান কৰা হৈছে ৷ "গ্লবেল টাইগাৰ ডে" উপলক্ষে ২৯ জুলাইত প্ৰদান কৰা হব এই বটা ৷ বিশ্বনাথ বন্যপ্ৰানী সংমণ্ডলৰ অধীনত থকা কোৱাৰ্মীৰ এই সফলতাক লৈ এতিয়া আনন্দিত হৈ পৰিছে সংমণ্ডলটোৰ বনকৰ্মী সকল।
Published by: Dulu Medhi
FIRST PUBLISHED : July 27, 2019, 15:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।