মুখ্যপৃষ্ঠা »খবৰ »অসম »ছাত্ৰ ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিলে বিজেপি নেতা গীতাৰ্থ গোস্বামীয়ে ...

ছাত্ৰ ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিলে বিজেপি নেতা গীতাৰ্থ গোস্বামীয়ে ...

বিজেপি নেতা গীতাৰ্থ গোস্বামীয়ে ছাত্ৰ ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিবৰ দায়িত্ব গ্ৰহন কৰিলে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ অধীনৰ SLAC সদস্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিয়েই অসমৰ খেলক আগবঢ়াই লৈ যোৱাৰ কথা কলে গীতাৰ্থ গোস্বামীয়ে।

  • Share this:

সোমবাৰে আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ কৰাৰ পিছত গীতাৰ্থ গোস্বামীয়ে পুংখানুপুংখভাৱে তদাৰক কৰিলে ৰাজ্যৰ খেলৰ পৰিৱেশৰ। সম্মূখত থকা গুৱাহাটীৰ ১৩১ সংখ্যক ডুৰান্ড কাপ, ৭৫ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ সাতোঁৰ প্ৰতিযোগিতা সফলভাৱে আযোজন কৰিব লাগিব বুলি নিউজ১৮ক জনালে নৱ নিযুক্ত SLAC member secretary গীতাৰ্থ গোস্বামীয়ে। গীতাৰ্থ গোস্বামীয়ে তেওঁক খেলৰ এই গুৰু দায়িত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ো ধন্যবাদ জনায়। গীতাৰ্থ গোস্বামীৰ লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ই অসমৰ খেলক লৈ যথেষ্ট সচেতন আশাবাদী। "মুখ্যমন্ত্ৰীয়ে অসমৰ খেলুৱৈক বিশ্বৰ দৰবাৰলৈ নিব বিচৰা আৰু ৰাজ্যৰ যুৱক যুৱতীক আগবঢ়াই নিব বিচৰা কাৰ্য্যত ময়ো সহযোগ কৰিবলৈ পাই আনন্দিত হৈছো" কলে গীতাৰ্থ গোস্বামীয়ে।

শেহতীয়া বাতৰি