உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পুনৰ শিৱসাগৰৰ এখন বিদ্যালয়ত ক'ৰোনাতংক ! একেখন স্কুলৰে দুগৰাকী শিক্ষাগুৰু আৰু ১৫ গৰাকী শিক্ষাৰ্থী আক্ৰান্ত ক'ৰোনাত...

    পুনৰ শিৱসাগৰৰ এখন বিদ্যালয়ত ক'ৰোনাতংক ! একেখন স্কুলৰে দুগৰাকী শিক্ষাগুৰু আৰু ১৫ গৰাকী শিক্ষাৰ্থী আক্ৰান্ত ক'ৰোনাত...

    শিৱসাগৰ কালুগাঁও বৰপাত্ৰদ'ল হাইস্কুলৰ প্ৰধান শিক্ষক , তেওঁৰ শিক্ষয়িত্ৰী পত্নী আৰু ১৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিল ক'ভিড-১৯। ইয়াকে লৈ অঞ্চলটোত বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

    শিৱসাগৰ কালুগাঁও বৰপাত্ৰদ'ল হাইস্কুলৰ প্ৰধান শিক্ষক , তেওঁৰ শিক্ষয়িত্ৰী পত্নী আৰু ১৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিল ক'ভিড-১৯। ইয়াকে লৈ অঞ্চলটোত বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

    শিৱসাগৰ কালুগাঁও বৰপাত্ৰদ'ল হাইস্কুলৰ প্ৰধান শিক্ষক , তেওঁৰ শিক্ষয়িত্ৰী পত্নী আৰু ১৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিল ক'ভিড-১৯। ইয়াকে লৈ অঞ্চলটোত বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

    • Share this:
    শিৱসাগৰৰত পুনৰ এখন বিদ্যালয়ৰ ১৫ গৰাকী ছাত্ৰ ছাত্ৰী আৰু দুগৰাকী শিক্ষক শিক্ষয়িত্ৰী ক'ভিডত আক্ৰান্ত হৈছে। শিৱসাগৰ কালুগাঁও বৰপাত্ৰদ'ল হাইস্কুলৰ প্ৰধান শিক্ষক , তেওঁৰ শিক্ষয়িত্ৰী পত্নী আৰু ১৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিল ক'ভিড-১৯। ইয়াকে লৈ অঞ্চলটোত বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

    প্ৰথমে প্ৰধান শিক্ষক গৰাকী কিছু জ্বৰ পানী লগা হোৱাত চিকিৎসালয়ত  ক'ভিড পৰীক্ষা কৰে । ফলাফলত  ক'ভিডৰ উপস্থিতি ধৰা পৰে। লগে লগে একেখন বিদ্যালয়তে শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত পত্নীকো ক'ভিড পৰীক্ষা কৰাত পজিটিভ বুলি নিশ্চিত হ'য় । ইয়াৰ লগে লগে ছাত্ৰ ছাত্ৰী সকলৰ ক'ভিড পৰীক্ষা কৰা হয়। ১০৪ গৰাকী ছাত্ৰ ছাত্ৰী থকা হাইস্কুল খনত ১৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰে ক'ভিড। সকলো ছাত্ৰ ছাত্ৰীৰে স্বাস্থ্য সুস্থিৰ বুলি সদৰি কৰিছে। লক্ষ্যনীয় যে হাইস্কুলখনত যোৱা শনিবাৰৰ পৰা দশম শ্ৰেণীৰ ছয়মহীয়া পৰীক্ষা আৰম্ভ  হৈছিল।  আজি ছাত্ৰ ছাত্ৰীৰ দেহত ক'ভিড-১৯ ধৰা পৰাত বাকী থকা বিষয় সমূহৰ পৰীক্ষা বাতিল কৰাৰ লগতে আন আন শ্ৰেণীৰ পাঠদানো বন্ধ কৰিছে।

    উল্লেখযোগ্য যে যোৱা ৫ দিনত শিৱসাগৰৰ তিনিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী ক'ভিড আক্ৰান্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন ।

    যোৱা বৃহস্পতিবাৰে নামতি চাৰি আলিত এগৰাকী শিক্ষয়িত্ৰী   কভিড-১৯ ত আক্ৰান্ত হোৱাত বিদ্যালখন বন্ধ ঘোষণা কৰে। শুকুৰবাৰে নামতি দিকচু হাইস্কুলতো চাৰি গৰাকী শিক্ষক আৰু ২২ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত কভিড-১৯ৰ উপস্থিতি ধৰা পৰে। ইপিনে কোভিড সংক্ৰমণ ৰোধ কৰিবলৈ বিদ্যালয় সমূহত কোভিড পৰীক্ষা দ্ৰুত কৰি তুলিব বুলি মন্তব্য কৰিছে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে। বৰ্তমান কোভিড আক্ৰান্ত সকলো ছাত্ৰ ছাত্ৰীৰ বিশেষ লক্ষণ দেখা নাই দিয়া যদিও শিক্ষক শিক্ষয়িত্ৰী সকলৰ সামান্য লক্ষণ থকা বুলি জানিবলৈ দিছে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ড° শ্যামন্ত মাধৱ শৰ্মাই ।
    Published by:Kokil Sarma
    First published: