বিধায়কৰূপে অসম বিধান সভাত শপত গ্ৰহণ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিধান সভাৰ প্ৰ'টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে অখিল গগৈক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়।
বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ৱিতা কৰি জয়ী হৈছিল সংগ্ৰামী নেতা অখিল গগৈ ৷
অসম আৰক্ষীৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত আজি অসম বিধানসভালৈ অনা হয় অখিল গগৈক। বিধানসভাত ৭৮ সংখ্যক আসনত বহিছে বিধায়ক গগৈয়ে। বিৰোধী শিবিৰত বহিছে বিধায়কজন।
ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত NIAৰ গোচৰত এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে বিধায়ক অখিল গগৈ। কিন্তু স্বাস্থ্যজনিত কাৰণত অখিল গগৈ চিকিৎসাধীন হৈ আছে GMCHত। বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অখিল গগৈক NIAৰ আদালতে বিশেষ অনুমতি দিছিল ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|