আজি বিধায়কৰূপে শপত গ্ৰহণ কৰিব শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে। নিৰাপত্তা বেস্তনীৰ মাজত অসম বিধানসভালৈ আহিব সংগ্ৰামী নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈ ৷
আজিৰ পৰা আৰম্ভ হ'বলগীয়া ১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত আন নৱ নিৰ্বাচিত বিধায়কসকলৰ লগতে অখিল গগৈয়েও শপতগ্ৰহণ কৰিব ৷ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দ্ৱিতা কৰি জয়ী হৈছে সংগ্ৰামী নেতা অখিল গগৈ ৷
ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত NIAৰ গোচৰত এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে বিধায়ক অখিল গগৈ। কিন্তু স্বাস্থ্যজনিত কাৰণত অখিল গগৈ চিকিৎসাধীন হৈ আছে GMCHত। সেয়ে বিধায়ক হিচাপে শপতগ্ৰহণৰ সুবিধা কৰি দিবলৈ NIAৰ আদালতত অখিল গগৈৰ অধিবক্তাই জনাইছিল আবেদন ৷ সেই আবেদনৰ ভিত্তিত NIAৰ আদালতে অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অনুমতি দিছিল ৷
বিধানসভাৰ প্ৰ'টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে আন আন বিধায়কসকলৰ লগতে অখিল গগৈকো বিধায়ক হিচাপে শপত গ্ৰহণ কৰাব ৷ শপত গ্ৰহণৰ পিছত অখিল গগৈ পুনৰ ঘূৰি যাব লাগিব কাৰাগাৰলৈ ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|