"মোক হত্যা কৰিব পাৰিব ৷ মোৰ কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে ৷" বিধায়ক হিচাপে শপত গ্ৰহণৰ আগমূহূৰ্তত এই হুংকাৰ অখিল গগৈৰ।
আজি ঐতিহাসিক দিন যদিও ক'লা দিন বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। অখিলৰ অভিযোগ চোৰ-ডকাইতৰ দৰে লৈ আনিছে তেওঁক। টনা-আঁজোৰা কৰি আনিছে গোটেই ৰাস্তাত। এয়া গণতন্ত্ৰৰ নামত কি? এজন জন প্ৰতিনিধিক এনে ব্যৱহাৰ? এই মন্তব্য অখিলৰ।
"বিধানসভাত সিংহৰ দৰে গৰজি উঠিম।"
কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত অসম বিধানসভাত উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আৰক্ষীৰ বাহনত উঠাই GMCHৰ পৰা অসম বিধান সভালৈ নিয়া হৈছে অখিলক।
আজি বিধায়কৰূপে শপত গ্ৰহণ কৰিব শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে। NIAৰ আদালতে অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অনুমতি দিছিল ৷
"মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে, শিৱসাগৰৰ উন্নয়ন হ'বই।" GMCHৰ পৰা অসম বিধান সভালৈ নিয়াৰ সময়ত এই মন্তব্য অখিল গগৈৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|