• Home
  • »
  • News
  • »
  • assam
  • »
  • Akhil Gogoi : প্ৰথম দিনাই বিধানসভাৰ অধিবেশনত কি ক’লে অখিল গগৈয়ে? অধ্যক্ষ দৈমাৰীক কিয় কৰিলে বিশেষ অনুৰোধ?

Akhil Gogoi : প্ৰথম দিনাই বিধানসভাৰ অধিবেশনত কি ক’লে অখিল গগৈয়ে? অধ্যক্ষ দৈমাৰীক কিয় কৰিলে বিশেষ অনুৰোধ?

বিধান সভাৰ পৰৱৰ্তী দুটা দিনৰ কাৰ্যসূচীত উপস্থিত থকাৰ বাবে অনুমতি বিচাৰে অধ্যক্ষৰ পৰা।

বিধান সভাৰ পৰৱৰ্তী দুটা দিনৰ কাৰ্যসূচীত উপস্থিত থকাৰ বাবে অনুমতি বিচাৰে অধ্যক্ষৰ পৰা।

বিধান সভাৰ পৰৱৰ্তী দুটা দিনৰ কাৰ্যসূচীত উপস্থিত থকাৰ বাবে অনুমতি বিচাৰে অধ্যক্ষৰ পৰা।

  • Share this:
আজি বিধায়কৰূপে শপত লৈ প্ৰথমখন অধিবেশনত ভাষণ ৰাখিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

ভাষণত অখিলে বিধান সভাৰ পৰৱৰ্তী দুটা দিনৰ কাৰ্যসূচীত উপস্থিত থকাৰ বাবে অনুমতি বিচাৰে অধ্যক্ষৰ পৰা। কাৰণ বিধানসভাৰ অধিবেশন তিনিদিনীয়া যদিও অখিল গগৈক এদিনৰ বাবেহে বিধানসভালৈ অহাৰ অনুমতি দিছিল NIAৰ আদালতে।

অখিলে লগতে অধ্যক্ষ দৈমাৰীক আদালতলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ বাবেও অনুৰোধ কৰে। অখিলৰ মত- অধ্যক্ষই পত্ৰ দিলে আদালতে বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ আশা আছে আৰু পৰৱৰ্তী দুটা দিনৰ বাবে আদালতৰ পৰা বিধানসভাত উপস্থিত থকাৰ অনুমতি লাভৰ পথ প্ৰশস্ত হ’ব।

ভাষণৰ আৰম্ভণিতে বড়ো জনগোষ্ঠীৰ পৰা ভূমিপুত্ৰ বিশ্বজিত দৈমাৰীয়ে অধ্যক্ষৰ আসন শুৱনি কৰাটো অসমবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে।

অখিলৰ অনুৰোধৰ ক্ষেত্ৰত বিষয়টো বিশ্বজিত দৈমাৰীয়ে বিবেচনা কৰাৰ কথা প্ৰকাশ কৰে কিন্তু সদন আৰু আদালত দুটা পৃথক বিষয় বুলি মন্তব্য কৰে।
Published by:Manjumoni Borah
First published: