
শৈশৱকালৰ কথা মনত পৰি ধাৰাপুৰত উপস্থিত হ'ল জুবিন।
শৈশৱকালৰ কথা মনত পৰি ধাৰাপুৰত উপস্থিত হ'ল জুবিন।
হঠাৎ মহানগৰীৰ ধাৰাপুৰ টাইকোৱানডো একাডেমিত জুবিন গাৰ্গ। শৈশৱকালৰ কথা মনত পৰি ধাৰাপুৰত উপস্থিত হ'ল জুবিন। শৈশৱকালতে মাৰ্চিয়েল আৰ্টছৰ প্ৰশিক্ষণ লৈছিল জুবিনে। সেয়ে ধাৰাপুৰত কণ কণ শিশুৰ মাজত উপস্থিত হ'ল জুবিন গাৰ্গ। জুবিনক কাষত পায় উৎফুল্লিত হৈ পৰে ধাৰাপুৰ টাইকোৱানডো একাডেমিৰ খেলুৱৈসকল।
ধাৰাপুৰ টাইকোৱানডো একাডেমিত মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকৰ আগত জুবিনে কয়, ‘‘মূল্যবৃদ্ধি হ'বই, কাৰণ কোৰোণা হ'ল, যুদ্ধ হ'ল, সকলো বস্তুৰ দাম বাঢ়িবই। আমি বেছি চিঞৰ–বাখৰ কৰি লাভ নাই। কোৰোণাই সকলোকে তল পেলাই দিছে। কৰোণা হওঁতেই মই গম পাইছো যে বস্তুৰ দাম বাঢ়িব। আমি ৰ'ব লাগিব দুবছৰমান, লাহে লাহে সকলো ঠিক হ'ব। কেৱল আমি আমাৰ খাদ্য সামগ্ৰী নিজে উৎপাদন কৰি থাকিব লাগে। তেতিয়া হ’লে মূল্যবৃদ্ধি হ্ৰাস পাব।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|