নাহৰৰ দেশত জুবিনৰ মনজুৰুৱা গীতৰ লহৰ। জুবিনৰ সংগীতানুষ্ঠানে মুহিলে হাজাৰ হাজাৰ দৰ্শক, ছাত্র–ছাত্ৰীক। ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰ নিবাস পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ সোণালী জয়ন্তী উপলক্ষে জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান। বিশ্ববিদ্যালয়ৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত জুবিনে গালে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত।
সংগীতানুষ্ঠানৰ আৰম্ভণিতে জুবিনে সদ্যপ্রয়াত প্ৰখ্যাত সংগীত শিল্পী কৃষ্ণকুমাৰ কুন্নথ ওৰফে কেকেক স্মৰণ কৰে। জুবিনে কয়, ‘মই ছেল্যুট কৰা গায়ক অকল কেকে আছিল। আন কাকো জীৱনত ছেল্যুট নকৰো।’’
উল্লেখ্য যে, ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিবাস পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ সোণালী জয়ন্তীৰ তিনিদিনীয়া কাৰ্যসূচীৰ অন্তিমটো দিনৰ অন্তিম কাৰ্যসূচী আছিল জুবিন গাৰ্গৰ গীতৰ শৰাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|