গায়ক সীমন্ত শেখৰৰ ফেচবুক পেজ হেক, ফিল্মফেয়াৰৰ সমৰ্থনৰ বাবেই নেকি এই ঘটনা!

News18 Assam | News18-Assam
Updated:February 7, 2020, 2:50 PM IST
গায়ক সীমন্ত শেখৰৰ ফেচবুক পেজ হেক, ফিল্মফেয়াৰৰ সমৰ্থনৰ বাবেই নেকি এই ঘটনা!
Photo : Facebook

ফিল্মফেয়াৰৰ সমৰ্থন কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰো অভিযোগ তুলিছে কণ্ঠশিল্পীগৰাকীয়ে।

  • Share this:
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ ফেচবুক একাউণ্ট হেক। কেৱল হেক কৰাই নহয় ডিলিটো কৰা হ’ল কণ্ঠশিল্পীজনৰ ভেৰিফাইড পেজটো। ছচিয়েল মিডিয়াত এক পোষ্ট কৰি এই কথা সদৰি কৰিছে সীমান্ত শেখৰে। ফিল্মফেয়াৰৰ সমৰ্থন কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰো অভিযোগ তুলিছে কণ্ঠশিল্পীগৰাকীয়ে।

এই সন্দৰ্ভত নিজৰ একাউণ্টত সীমান্ত শেখৰে লিখিছে যে – ‘কালি মই অসমত ফিল্মফেয়াৰৰ সমৰ্থন কৰিছিলো আৰু আজি মোৰ ভেৰিফাইড ফেচবুক পেজটো হেৰুৱালো’। এই খবৰ লিখাৰ সময়লৈ ৰিক’ভাৰী হোৱা নাই গায়কজনৰ ফেচবুক পেজ।
আৰু চাওক
পৰৱৰ্তী বাতৰি