বান বিধ্বস্ত ৰাইজক সহায়ৰ বাবে আগবাঢ়ি আহিল ভৃগু, নিৰ্মালী, গিতালী, মণ্টুমণিৰ লগতে বহু কেইজন সংগীত শিল্পী

News18 Assam | News18-Assam
Updated:August 1, 2020, 8:36 PM IST
বান বিধ্বস্ত ৰাইজক সহায়ৰ বাবে আগবাঢ়ি আহিল ভৃগু, নিৰ্মালী, গিতালী, মণ্টুমণিৰ লগতে বহু কেইজন সংগীত শিল্পী
ৰাজ্যত এতিয়া বনৰ বিভীষিকা। তাৰ মাজতে বান বিধ্বস্ত ৰাইজক সাধ্য অনুসৰি সাহায্য দিছে বিভিন্ন জন।

ৰাজ্যত এতিয়া বনৰ বিভীষিকা। তাৰ মাজতে বান বিধ্বস্ত ৰাইজক সাধ্য অনুসৰি সাহায্য দিছে বিভিন্ন জন।

  • Share this:
ৰাজ্যত এতিয়া বনৰ বিভীষিকা। তাৰ মাজতে বান বিধ্বস্ত ৰাইজক সাধ্য অনুসৰি সাহায্য দিছে বিভিন্ন জন। এইবাৰ নলবাৰী জিলাত বান বিধ্বস্ত ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিল ৰাজ্যৰ একাংশ সংগীত শিল্পী।



ঈদৰ দিনাই  নলবাৰী জিলাৰ বৰশিমলুৱাত বান সাহায্য বিতৰণ কৰিলে জনপ্ৰি সংগীত শিল্পী গিতালী কাকতি, ৰূপালী কাশ্যপ, নিৰ্মালী দাস, ভৃগু কাশ্যপ আৰু মণ্টুমণি শইকীয়াই।



শিল্পী সমাজে প্ৰায় ৩৫০টা  বানাক্ৰান্ত পৰিয়ালৰ মাজত  বিতৰণ কৰে বান সাহায্য।  বান   বানাক্ৰান্ত  লোকৰ বাবে দুই এটা গীতো গুণগুণালে শিল্পী মন্টু মনি শইকীয়াই। উল্লেখযোগ্য যে, পাগলদিয়া  নদীৰ বানে জুৰুলা কৰা বৰভাগৰ এই গাওঁখন দীৰ্ঘদিন ধৰি  বানত ডুবি থকাৰ পিছতো কোনো কাণসাৰ নাই স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ।
Published by: Himangshu Bhuyan
First published: August 1, 2020, 8:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading