অসমৰ সংগীতৰ ক্ষেত্ৰখনক আজি পুনৰ এক দুখজনক খবৰে স্তব্ধ কৰি তোলে । এক অপ্রত্যাশিত খবৰে পুনৰ এবাৰ জোকাৰি গ'ল অসমৰ সংগীতজগতক । এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী তথা সংগীত পৰিচালক হিচাপে সুপৰিচিত ডঃ বিজয়লক্ষ্মী দাস আৰু নাই ।
গুৱাহাটীৰ বেলতলাস্থিত ৱায়াৰলেছ ২ নং বশিষ্ঠপুৰ নিবাসী প্ৰয়াত বিজয়লক্ষ্মী দাসে ঘৰতে অসুস্থ হৈ পৰাৰ লগে লগে পৰিয়ালৰ লোকে গুৱাহাটীৰ হায়াত হস্পিতালত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে আজি বিয়লি শেষ নিশ্বাস ত্যাগ কৰে । এগৰাকী সুকণ্ঠী শিল্পী হিচাপে পৰিচিত ডঃ বিজয়লক্ষ্মী দাস গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মূৰব্বী তথা সহযোগী অধ্যাপিকা আছিল । তীৰ্থনগৰী হাজোত জন্মগ্ৰহণ কৰা বিজয়লক্ষ্মী দাসে ১৯৮৮ চনত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰে । চাকৰি জীৱনৰ মাত্ৰ এবছৰ কাৰ্যকাল বাকী থকা অৱস্থাতে আজি সংগীতৰ ক্ষেত্ৰখন উকা কৰি তেওঁ পৰলোকলৈ গমন কৰে ।
২০২০ বৰ্ষত ক'ৰোনা মহামাৰীক লৈ এটি গীত ৰচনা কৰি কণ্ঠ নিগৰাইছিল বিজয়লক্ষ্মী দাসে। অসমীয়া বোলছবি "সৰু বোৱাৰী" আৰু ৰাজশ্ৰী থিয়েটাৰত কেইবাবছৰ ধৰি সংগীত পৰিচালনা কৰিছিল বিজয়লক্ষ্মী দাসে। তেখেতৰ মৃত্যু অসমৰ লগতে হাজোৰ সাংস্কৃতিক ক্ষেত্ৰখনতো এক অপূৰণীয় ক্ষতি।
ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ডঃ বিজয়লক্ষ্মী দাসৰ মৃত্যুত কৰ্মক্ষেত্ৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত গভীৰ শোকৰ ছাঁ পৰে । উল্লেখযোগ্য যে "সৰু বোৱাৰী" কথাছবি খনৰ সংগীত পৰিচালনা কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা বিজয়লক্ষ্মী দাসে মৃত্যুৰ সময়ত স্বামী সহ দুই কন্যা সন্তানৰ লগতে অসংখ্য গুণমুগ্ধ এৰি থৈ যায় । আজি সন্ধিয়া এক শোকাকুল পৰিবেশত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। শিল্পীগৰাকীৰ মৃত্যুত পশ্চিম গুৱাহাটী মহাবিদ্যালয় পৰিয়ালবৰ্গৰ লগতে হাজো আৰু ধাৰাপুৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল -সংগঠনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|