মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Scientist Awarded : অসমৰ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়ালৈ ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা

Assam Scientist Awarded : অসমৰ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়ালৈ ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা

Dr Binoy Kumar Saikia

Dr Binoy Kumar Saikia

Shanti Swarup Bhatnagar Prize 2021 : ড° বিনয় কুমাৰ শইকীয়াই ‘‘ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ-গতি বিজ্ঞান’’ শাখাত লাভ কৰিছে।

  • Share this:

অসমৰ বিজ্ঞান জগতৰ বাবে সুখবৰ। চলিত বৰ্ষৰ বাবে শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে অসমৰ প্ৰসিদ্ধ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়া (Dr Binoy Kumar Saikia)ই।  এই সন্মান লাভ কৰা ড° বিনয় কুমাৰ শইকীয়া হ’ল পঞ্চমগৰাকী অসমীয়া।


শান্তি স্বৰূপ ভাটনাগৰ বঁটা (Shanti Swarup Bhatnagar Prize 2021) হৈছে ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান। বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ সাতটা শাখাত প্ৰদান কৰা এই বঁটা ড° শইকীয়াই ‘‘ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ-গতি বিজ্ঞান’’  (Earth, Ocean, Atmosphere and Planetary Science) শাখাত লাভ কৰিছে। এইগৰাকী অসমীয়া বিজ্ঞানীয়ে অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে। এই সন্মানে অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত অধ্যয়ন আৰু গৱেষণাৰ দিশত অসমৰ নতুন প্ৰজন্মক আগবঢ়াই নিয়াত অৰিহণা যোগাব ৷



বিজ্ঞানী শইকীয়া ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় (Ministry of Science and Technology)ৰ অধীনৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR)ৰ যোৰহাটস্থিত শাখা উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (NEIST)ৰ গৱেষক বিজ্ঞানী। ৰসায়ন বিজ্ঞানৰ PhD  ডিগ্ৰীধাৰী।


গোলাঘাটৰ জোনাকী নগৰত ওপজা বিনয় কুমাৰ শইকীয়াই গোলাঘাটৰ দেৱৰাজ ৰয় কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত অসমত থাকিয়েই গৱেষণা কৰি লাভ কৰিছে এই বিৰল সন্মান। শইকীয়াৰ এই কৃতিত্বই এটা কথা প্ৰমাণ কৰিছে যে বিজ্ঞানী হ'বলৈ বা বিজ্ঞান গৱেষণা কৰিবলৈ নামী-দামী প্ৰতিষ্ঠানৰ পৰিবৰ্তে লাগে কেৱল এক বৈজ্ঞানিক মনস্কতাহে।




বিজ্ঞানী ড° শইকীয়াই কৰ্কট ৰোগৰ কোষ চিনাক্তকৰণৰ বাবে দেহৰ কৰ্কট আক্ৰান্ত কোষ নিৰূপণকে ধৰি চিকিৎসাক্ষেত্ৰত কাৰ্বন আধাৰিত এক অতি ক্ষুদ্ৰাকৃতিৰ পদাৰ্থ ব্যৱহাৰ কৰা  উৎপাদনৰ এনে এক কৌশল উদ্ভাৱন কৰিলে যি পদ্ধতিয়ে CQDৰ খৰচ আমদানিকৃত CQDৰ বিশ ভাগৰ এভাগলৈ হ্ৰাস কৰিলে৷




শইকীয়াৰ উদ্ভাৱনী গুণৰ বাবেই তেওঁৰ নামত ভাৰত আৰু আমেৰিকাত মুঠতে চাৰিটাকৈ পেটেণ্ট আছে ৷ শইকীয়ালৈ যথাৰ্থভাৱেই আহিছে শান্তিস্বৰূপ ভটনাগৰ বঁটা৷


শেহতীয়া বাতৰি