চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকাত থকা শিক্ষানুষ্ঠানখনৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ২০ অক্টোবৰৰ দিনা ক'ভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰাৰ পাছত শুক্ৰবাৰে বিদ্যালয়খনত স্বাস্থ্য বিভাগে ছাত্র ছাত্ৰী সকলৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত দুগৰাকী ছাত্র ছাত্ৰী ক'ভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰে।

ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষানুষ্ঠান সমূহ ১৯ অক্টোবৰৰ পৰা খুলিবলৈ নিৰ্দেশ দিয়াৰ পাছতে চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকাত থকা শিক্ষানুষ্ঠানখন কোভিডৰ হটস্পট হৈ পৰিছে। উল্লেখযোগ্য যে ১৯ অক্টোবৰৰ দিনা বিদ্যালয়খনৰ শ্ৰেণীকোঠাত উপস্থিত থকা এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ২০ অক্টোবৰৰ দিনা ক'ভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰাৰ পাছত শুক্ৰবাৰে বিদ্যালয়খনত স্বাস্থ্য বিভাগে ছাত্র ছাত্ৰী সকলৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত দুগৰাকী ছাত্র ছাত্ৰী ক'ভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰে। আক্ৰান্ত এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰী হোৱাৰ বিপৰীতে আনগৰাকী আক্ৰান্ত অষ্টম শ্ৰেণীৰ ছাত্ৰ। মনকৰিবলগীয়া যে আক্ৰান্ত ছাত্ৰী গৰাকীৰ মাতৃও ক'ভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে। বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় খন চেনিটাইজ কৰাৰ লগতে শিক্ষা বিভাগে জাৰি কৰা এছ অ পি(SOP) মৰ্মে অহা সাতদিনলৈ শিক্ষানুষ্ঠান খন বন্ধ ঘোষণা কৰিছে।ইফালে এই ঘটনাই বিভিন্ন মহলত আতংক নমাই অনাৰ লগতে সচেতন অভিভাৱক সকলক উদ্বিগ্ন কৰি তুলিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|