সুদীৰ্ঘ ৬ মাহৰ অন্ততঃ চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া । পুনৰ খোলাৰ বাবে, শিক্ষানুষ্ঠানসমূহে প্ৰধানকৈ দুটা চৰ্ত মানিব লগীয়া হৈছে- শিক্ষাৰ্থীসকলে শ্ৰেণীত উপস্থিত থাকিবলৈ কৰা ইচ্ছা আৰু নিৰ্দিষ্ট জিলাসমূহত কোভিআইডি-19 সংক্ৰমণৰ হাৰ। যদি কোনো দিনত জিলাৰ সংক্ৰমণৰ হাৰ 2% তকৈ অধিক হয় তেনেহ'লে উপায়ুক্ত আৰু ডিডিএমএ কৰ্তৃপক্ষই শ্ৰেণীবোৰ 2% ৰ তললৈ হ্ৰাস নোহোৱালৈকে স্থগিত ৰখাৰ সিদ্ধান্ত ল'ব।
দ্বাদশ শ্ৰেণী, স্নাতকৰ অন্তিম ছেমিষ্টাৰ আৰু স্নাতকোত্তৰৰ অন্তিম বৰ্ষৰ বাবে আজিৰে পৰা নীতি–নিৰ্দেশনা মানি আৰম্ভ হৈছে ক্লাছ। প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণী, স্নাতকৰ প্ৰথম সাতটা ছেমিষ্টাৰ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ অনলাইন ক্লাছ অব্যাহত থাকিব।
গুৱাহাটীসহ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে এছঅ'পিৰ সম্পূৰ্ণ নীতি-নিয়মেৰে পাঠদান আৰম্ভ কৰিছে ৰঙিয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কতৃপক্ষই । ছয় মাহৰ বিৰতিৰ অন্তত আজিৰ পৰা পুনৰাই পাঠদান পৰ্ব আৰম্ভ হৈছে দ্বাদশ শ্ৰেণীৰ ।
নতুনকৈ পাঠদানৰ আৰম্ভণি হোৱাৰ লগে লগে বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও শাখাত বিভক্ত কৰি পাঠদান কৰা হৈছে । পুৱা ৯.১৫ বজাৰ পৰা ৩.৩০ বজালৈ সম্পূৰ্ণ ৰুটিন অনুসৰি পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । এখন বেঞ্চত দুজনকৈ ছাত্ৰ ছাত্ৰীক বহিবলৈ দিয়া হৈছে । ইয়াৰ উপৰিও মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে । যি সকল ছাত্ৰ ছাত্ৰীয়ে মাস্ক পৰিধান কৰা নাই , তেওঁলোকক বিদ্যালয়ৰ তৰফৰ পৰা মাস্ক যোগান ধৰা হৈছে বা সতৰ্কবাণী দি ওভতাই পঠিওৱা হৈছে । কভিড-১৯ ৰ বাবে সুদীৰ্ঘ ৬ মাহে বিদ্যালয়সমুহ বন্ধ হৈ থকাত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ছাত্র ছাত্ৰীসকল । বিশেষকৈ দৰিদ্ৰ ছাত্র ছাত্ৰীসকলে Android মোবাইল নোহোৱা বাবে অনলাইন পাঠগ্ৰহণৰ পৰা বহু পৰিমাণে বঞ্চিত হৈছিল । ইয়াৰ উপৰিও বহু অঞ্চলত নেটৱৰ্কৰ অসুবিধাৰ বাবেও ছাত্র ছাত্ৰী সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । সেইসকল ছাত্ৰ ছাত্ৰীৰ লগতে অনলাইনত পাঠগ্ৰহণ কৰা ছাত্র ছাত্ৰী সকলৰ বাবে নতুন শ্ৰণীকোঠাত পুনৰ পাঠসমুহ পঢ়োৱাৰ লগতে নতুন কৌশল গ্ৰহণ কৰি সকলোকে সমানে আগুৱাই নিবলৈ প্ৰস্তুত হৈছে শিক্ষকসকল ।
নতুন SOP অনুসৰি স্কুল খোলাৰ প্ৰথম তিনিদিন শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰীৰ টিকাকৰণ হ'ব। প্ৰতিটো শাখাত 30% শিক্ষাৰ্থী থাকিব আৰু কৰ্তৃপক্ষই সেই অনুসৰি শাখা বৃদ্ধি কৰিব।
আনহাতে গুৱাহাটীৰ শিক্ষানুষ্ঠানত সেৰেঙা উপস্থিতি প্ৰত্যক্ষ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|