• Home
  • »
  • News
  • »
  • assam
  • »
  • সত্ৰীয়া সংস্কৃতিৰ পুনৰুত্থানৰ বাবে অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদে লৈছে বিশেষ লক্ষ্য

সত্ৰীয়া সংস্কৃতিৰ পুনৰুত্থানৰ বাবে অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদে লৈছে বিশেষ লক্ষ্য

আধ্যাত্মিক চিন্তাচৰ্চাৰ প্ৰসাৰতাৰ জৰিয়তে বৰ অসম গঢ়াৰ পোষকতা কৰে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী জগন্নাথ দেৱগোস্বামীয়ে।

আধ্যাত্মিক চিন্তাচৰ্চাৰ প্ৰসাৰতাৰ জৰিয়তে বৰ অসম গঢ়াৰ পোষকতা কৰে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী জগন্নাথ দেৱগোস্বামীয়ে।

আধ্যাত্মিক চিন্তাচৰ্চাৰ প্ৰসাৰতাৰ জৰিয়তে বৰ অসম গঢ়াৰ পোষকতা কৰে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী জগন্নাথ দেৱগোস্বামীয়ে।

  • Share this:

অসমৰ বৈদিক সত্ৰসমূহৰ শোচনীয় অৱস্থাৰ সমাপ্তি ঘটাই এই সত্ৰসমূহক পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদে। এই পৰিষদৰ উদ্যোগত তথা সত্ৰাধিকাৰ শ্ৰীজগন্নাথ দেৱগোস্বামীৰ পৃষ্ঠপোষকতাত দেওবাৰে যোৰহাটত এখন বিশেষ সভা অনুষ্ঠিত হয়। এই সভাত অসমৰ বিভিন্ন ঠাইৰ পৰিষদৰ বহু সংখ্যক বিষয়ববীয়া আৰু সদস্যই অংশগ্ৰহণ কৰে।


 এই সন্দৰ্ভত যোৰহাট গড়মূৰ শাখা সত্ৰত দেওবাৰে অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত সত্ৰ সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত বিশেষভাৱে এখন সভা অনুষ্ঠিত হয়। এই সভাত অসমৰ বিভিন্ন স্থানৰ পৰা অহা পৰিষদৰ বিষয়ববীয়া তথা সদস্যসকলে অংশগ্ৰহণ কৰে।


অসমৰ বৈদিক সত্ৰসমূহৰ অৱস্থা শোচনীয়। কোনো সত্ৰত যদিহে সত্ৰাধিকাৰ নাই, তাৰ বিপৰীতে আকৌ আন ক'ৰবাত সত্ৰাধিকাৰ আছে যদিও উপযুক্ত নামঘৰ নাই। সত্ৰ পৰিচালনা কৰিবলৈ সত্ৰস্থ ব্যক্তিৰ অভাৱ। এনে সত্ৰসমূহক পুনৰ উজ্জীৱিত কৰি সত্ৰসমূহক আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰূপে গঢ়ি তুলি সমগ্ৰ অসমৰ যুৱচামক উৎসাহিত কৰাৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে পৰিষদৰ সভাপতি ডেকা সত্ৰাধিকাৰ শ্ৰী জগন্নাথ দেৱ গোস্বামীয়ে ।


"আমাৰ মূল লক্ষ্য হ'ল উঠি অহা প্ৰজন্মক– সেয়া সত্ৰৰে হওক বা শিষ্যৰে হওক– আধ্যাত্মিকতাৰ পাঠ আগবঢ়াই এখন সুস্থ সমাজ গঢ় দিয়া। সাংস্কৃতিক দিশত বহু সত্ৰ পিছ পৰি গৈছে। আমি কি ধৰণে এখন সত্ৰ আন এখন সত্ৰৰ সৈতে একত্ৰীকৰণ কৰি সত্ৰীয়া সংস্কৃতিটোক পুনৰ উত্থান ঘটাব পাৰি তাৰ বাবে  প্ৰয়াস কৰিছোঁ।" –অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদৰ সভাপতি ডেকা সত্ৰাধিকাৰ শ্ৰীজগন্নাথ দেৱ গোস্বামীয়ে এনেদৰে কয় ।


অসমৰ বৈদিক বৈষ্ণৱ সত্ৰসমূহৰ দায়িত্ব যদিহে উঠি অহা যুৱ প্ৰজন্মই নলয়, তেন্তে এই সত্ৰসমূহ কালৰ বুকুত বিলীন হৈ যাব বুলি পৰিষদে মতপোষণ কৰে। সেয়েহে অসমৰ সত্ৰসমূহ একত্ৰিত কৰি সত্ৰসমূহৰ আন্ত:গাঁথনি গঢ়ি সত্ৰসমূহক অসমৰ ভিতৰতে আধ্যাত্মিক আৰু সাংস্কৃতিক ধ্যান–ধাৰণাৰ ক্ষেত্ৰখনত এক সুকীয়া মৰ্যাদা প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰে পৰিষদে।


শেহতীয়াকৈ অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনক লৈ সৃষ্টি হোৱা চৰ্চা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি আধ্যাত্মিক চিন্তাচৰ্চাৰ প্ৰসাৰতাৰ জৰিয়তে বৰ অসম গঢ়াৰ পোষকতা কৰে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী জগন্নাথ দেৱগোস্বামীয়ে।
এই আধ্যাত্মিক আলোচনা চক্ৰত সত্ৰীয়া আৰু শিষ্যৰ কৰণীয় , সুস্থ সমাজ গঠনত নৈতিকতাৰ ভূমিকা , সমাজত আধ্যাত্মিকতাৰ প্ৰাসংগিকতা ইত্যাদি বিষয় সন্দৰ্ভতো আলোচনা  হয় । সত্ৰীয়া সংস্কৃতিৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ এনেধৰণৰ আলোচনা–চক্ৰ বছৰি কেইবাবাৰো অনুষ্ঠিত কৰাৰ পোষকতা কৰে ডেকা সত্ৰাধিকাৰগৰাকীয়ে ।

Published by:Gautam Barman
First published: