• Home
  • »
  • News
  • »
  • assam
  • »
  • Brindabani Bastra : বৃন্দাবনী বস্ত্ৰক কেন্দ্ৰ কৰি দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু অসম সত্ৰ মহাসভাৰ

Brindabani Bastra : বৃন্দাবনী বস্ত্ৰক কেন্দ্ৰ কৰি দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু অসম সত্ৰ মহাসভাৰ

"যিহেতু বৃন্দাবনী বস্ত্ৰভাগ আমাৰ সন্মান আৰু গৌৰৱ, কিন্তু তেনে মহৎ সম্পত্তিৰ অনুকৃতি তৈয়াৰ কৰাটো কোনোধৰণে যুক্তিসংগত হ'ব নোৱাৰে"

"যিহেতু বৃন্দাবনী বস্ত্ৰভাগ আমাৰ সন্মান আৰু গৌৰৱ, কিন্তু তেনে মহৎ সম্পত্তিৰ অনুকৃতি তৈয়াৰ কৰাটো কোনোধৰণে যুক্তিসংগত হ'ব নোৱাৰে"

"যিহেতু বৃন্দাবনী বস্ত্ৰভাগ আমাৰ সন্মান আৰু গৌৰৱ, কিন্তু তেনে মহৎ সম্পত্তিৰ অনুকৃতি তৈয়াৰ কৰাটো কোনোধৰণে যুক্তিসংগত হ'ব নোৱাৰে"

  • Share this:
মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে যোৰহাটৰ আদালতত ৰুজু হৈছে গোচৰ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ অনুকৃতি নিৰ্মাণ কৰাক লৈ মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীৰ বিৰুদ্ধে যোৰহাটৰ আদালতত গোচৰ ৰুজু কৰিছে অসম সত্ৰ মহাসভাই।

দক্ষিণপাট সত্ৰই লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰৰ নকল প্ৰস্তুত কৰাক লৈ খৰ্গহস্ত হৈ পৰিছে অসম সত্ৰ মহাসভা। মহাপুৰুষজনাৰ একক আৰু অনন্য এই সৃষ্টিৰ নকল ৰূপ তৈয়াৰ কৰিবলৈ ক'ৰ পৰা অনুমতি পালে সেই প্ৰশ্ন তুলিছে অসম সত্ৰ মহাসভাই।

ইতিমধ্যে এই সন্দৰ্ভত টি এছ ৭২/২২ নম্বৰত যোৰহাটৰ দেৱানী আদালতত গোচৰ ৰুজু হৈছে । লগতে এই সন্দৰ্ভত নিষেধাজ্ঞা জাৰি কৰিবলৈ আদালতত এখন আবেদনো দাখিল কৰিছে অসম সত্ৰ মহাসভাই । দক্ষিণপাট সত্ৰই নিজাববীয়াকৈ বৃন্দাবনী বস্ত্ৰৰ নকল নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক অবৈধ আখ্যা দিছে অসম সত্ৰ মহাসভাই ।

অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৰাগজ্যোতি দত্তই অৱগত কৰা অনুসৰি, সম্প্ৰতি লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা গুৰুজনাৰ মহৎ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ অনুকৃতি কেনেকৈ তৈয়াৰ কৰিব দক্ষিণপাট সত্ৰই। গুৰুজনাই সৃষ্টি কৰা বৃন্দাবনী বস্ত্ৰভাগ দ্বিতীয় এজনে তৈয়াৰ কৰি মৰ্যাদা হানি কৰাটো অসম সত্ৰ মহাসভাই কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰি দিছে অসম সত্ৰ মহাসভাই।

"যিহেতু বৃন্দাবনী বস্ত্ৰভাগ আমাৰ সন্মান আৰু গৌৰৱ। কিন্তু তেনে মহৎ সম্পত্তিৰ অনুকৃতি তৈয়াৰ কৰাটো কোনোধৰণে যুক্তিসংগত হ'ব নোৱাৰে বুলি অসম সত্ৰ মহাসভাই বিবেচনা কৰিছে। এই বিষয়টো দক্ষিণপাট সত্ৰক ইতিমধ্যে অৱগত কৰোৱা হৈছে। অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিবলৈ তেওঁলোকে ক'ৰ পৰা অনুমতি পালে !" অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰাগজ্যোতি দত্তই আৰু এনেদৰে কয়।

ইপিনে মংগলবাৰে বিয়লি চ'টাইস্থিত দক্ষিণপাট নতুন সত্ৰত অসম সত্ৰ মহাসভাৰ এনে স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুকৃতিমুলক বৃন্দাবনী বস্ত্ৰ তৈয়াৰ সমিতিৰ সম্পাদকে । সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীক সভাপতি হিচাপে লৈ গঠন কৰা অনুকৃতিমুলক বৃন্দাবনী বস্ত্ৰ তৈয়াৰ সমিতিৰ সম্পাদক মন ৰাজগুৰুৱে অৱগত কৰা অনুসৰি অসমৰ বিদ্বত সমাজক লগত লৈ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ পৃষ্ঠপোষকতাত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰাৰ প্ৰাকক্ষণত তিনিহাজাৰকৈ গোহাৰি অসমৰ বিভিন্ন স্থানত বিতৰণ কৰা হৈছিল ।

" ২০১৯ চনত বিষয়টো অসম সত্ৰ মহাসভাকো অৱগত কৰি তেওঁলোকক ২০খনকৈ গোহাৰি পত্ৰ প্ৰদান কৰা হৈছিল আৰু সেইসময়ত তেতিয়াৰ সভাপতিগৰাকীয়ে যোগাত্মক পৰামৰ্শ দিছিল। বৰপেটা সত্ৰ , ড০ নগেন শইকীয়াৰ দৰে স্বনামধন্য সাহিত্যিকে মহাপুৰুষজনাৰ অনুপম সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ অনুকৃতিৰ বাস্তৱ উপস্থাপন এখন সত্ৰৰ পৃষ্ঠপোষকতাত হ'লে জাতীয় জীৱনৰ বাবে সমৃদ্ধিকাৰক হিচাপে বিবেচিত হ'ব বুলি মতপোষণ কৰিছিল। ২০১৯ বৰ্ষতে আনুষ্ঠানিকভাৱে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ বয়ন আৰম্ভ হোৱাৰ সময়ত মনে মনে থাকি হঠাৎ অসম সত্ৰ মহাসভাই দেখুওৱা এনে স্থিতি দুৰ্ভাগ্যজনক।" বৃন্দাবনী বস্ত্ৰ তৈয়াৰ সমিতিৰ সম্পাদক মন ৰাজগুৰুৱে আৰু এনেদৰে কয়।

অসম সত্ৰ মহাসভা নিজৰ স্থিতিত অটল থকাৰ বিপৰীতে দক্ষিণপাট সত্ৰৰ তৰফৰ পৰা অসম সত্ৰ মহাসভাৰ এনে স্থিতিয়ে কেৱল দক্ষিণপাট সত্ৰকে নহয় , অসমৰ বিদ্বৎ সমাজকো সন্দিহান কৰিছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি