உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Satra Land Encroachment : বেদখলমুক্ত হ'ব সত্ৰৰ ভূমি, বেদখলকৃত ভূমি পৰিদৰ্শন কৰিলে সত্ৰ আয়োগ অসমৰ দলে

    Satra Land Encroachment : বেদখলমুক্ত হ'ব সত্ৰৰ ভূমি, বেদখলকৃত ভূমি পৰিদৰ্শন কৰিলে সত্ৰ আয়োগ অসমৰ দলে

    Satra Land Encroachment : বৰপেটা সত্ৰৰ বেদখলকৃত ভূমি পৰিদৰ্শন কৰি সত্ৰ আয়োগ অসমৰ দলে বেদখল মুক্ত কৰাৰ বাবে বেদখলকাৰীসকলক জাননী জাৰি কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

    Satra Land Encroachment : বৰপেটা সত্ৰৰ বেদখলকৃত ভূমি পৰিদৰ্শন কৰি সত্ৰ আয়োগ অসমৰ দলে বেদখল মুক্ত কৰাৰ বাবে বেদখলকাৰীসকলক জাননী জাৰি কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

    Satra Land Encroachment : বৰপেটা সত্ৰৰ বেদখলকৃত ভূমি পৰিদৰ্শন কৰি সত্ৰ আয়োগ অসমৰ দলে বেদখল মুক্ত কৰাৰ বাবে বেদখলকাৰীসকলক জাননী জাৰি কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

    • Share this:
    অসমৰ সত্ৰসমূহৰ ভূমি বেদখল সম্পৰ্কীয় বিষয় চোৱা-চিতাৰ বাবে চৰকাৰে  গঠন কৰি দিয়া সত্ৰ আয়োগ, অসমৰ তিনিজনিয়া দলে দেওবাৰৰ পৰা সত্ৰ নগৰী বৰপেটাত বাহৰ পাতি আছে ৷ কালি বৰপেটা আৰু পাটবাউসী সত্ৰৰ বেদখলীকৃত ভুমি সম্পৰ্কে আলোচনা কৰাৰ পিছত সন্ধিয়া বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৰপেটাৰ সত্ৰসমুহৰ সত্ৰাধিকাৰ আৰু বিষয়া সকলৰ সৈতে আয়োগৰ দলটিয়ে আলোচনাত মিলিত হয় ৷

    আজি আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা আৰু সদস্য মৃণাল শইকীয়াই সুন্দৰীদিয়া সত্ৰলৈ গৈ সত্ৰৰ সত্ৰাধিকাৰ, পৰিচালনা সমিতিৰ সদস্য আৰু ভকত সকলৰ সৈতে সত্ৰৰ ভূমি বেদখল সম্পৰ্কে আলোচনাত মিলিত হয় ৷ ইয়াৰ পিছত আজি ৰাতিপুৱাই আয়োগৰ দলটোৱে সুন্দৰীদিয়া সত্ৰৰ ভূমি বৰিয়াবিল আৰু বৰিয়া পথাৰৰ বেদখলকৃত ভূমি চৰজমিন তদন্ত কৰে ৷ আয়োগৰ দলটোৱে বেদখলকাৰীসকলৰ সৈতেও কথা-বতৰা পতাৰ পিছত বেদখল হৈ থকাটো নিশ্চিত হয় ৷ আয়োগৰ দলটোয়ে বেদখল মুক্ত কৰাৰ বাবে বেদখলকাৰী সকলক জাননী জাৰি কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷

    আনহাতে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰক ১৫৭০ খ্ৰীষ্টাব্দত শিৱ সিংহই তাম্ৰ পত্ৰৰ জৰিয়তে ২০ পুৰা ( ১০০ বিঘা) মাটি প্ৰদান কৰে বুলি জানিবলৈ দিয়ে  ৷ ১৯৫৪ চনত  ৪০০ বিঘা মাটি মুখ্য মন্ত্ৰী প্ৰয়াত বিষ্ণুৰাম মেধিয়ে সুন্দৰীদিয়া সত্ৰক প্ৰদান কৰিছিল তাৰে প্ৰায় ১৫ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে ৷ আনহাতে মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সময়ত চৰকাৰে ২১২ বিঘাৰ বৰিয়া বিলটোও সুন্দৰীদিয়া সত্ৰক প্ৰদান কৰিছিল ৷ বৰিয়া বিলৰ চাৰিওফালেও প্ৰায় ১৩৭ ঘৰ মানুহে ঘৰ দুৱাৰ বান্ধি বেদখল কৰি আছে বুলি সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে জানিবলৈ দিয়ে ৷ ইপিনে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে সত্ৰৰ ভুমি বেদখল মুক্ত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনায় ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: