আজি অসম সত্ৰ ভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা প্ৰতিনিধিৰ দলে মৰিগাঁও আৰু নগাঁও জিলাত থকা সত্ৰসমূহ সম্পৰ্কে বুজ লোৱাৰ অর্থে জিলা দুখনত উপস্থিত হয়। আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্রদীপ হাজৰিকাৰ নেতৃত্বত যোৱা সজাতি দলটোয়ে পোনতে মৰিগাঁও জিলাত উপস্থিত হৈ জিলাখনৰ সত্ৰসমূহৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে ।
মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাসৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অধ্যক্ষ প্ৰদীপ হাজৰিকাই ভাষা, কৃষ্টি-সংস্কৃতিৰে অসমীয়া জাতি মহীয়ান কৰি থৈ যোৱা মহাপুৰুষ গুৰুজনাৰ আদৰ্শ বিজড়িত সত্ৰসমূহৰ পুনৰোদ্ধাৰ বাবে, সমাজৰ উত্তৰণৰ বাবে এক হৈ থাকি সকলোকে অৰিহনা আগবঢ়াবলৈ আহ্বান জনায় ৷ লগতে এইক্ষেত্ৰত শুদ্ধ তথ্য দাখিলেৰে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।
আয়োগৰ অধ্যক্ষ হাজৰিকাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ পুৰুষৰ সৈতে জড়িত কুসুম্বী ভেটি সংৰক্ষণৰ ক্ষেত্ৰত তথ্য আগবঢ়াবলৈও অনুৰোধ জনায় । সভাত বিভিন্ন সত্ৰৰ বিষববীয়াসকলে নিজ নিজ সত্ৰই মুখামুখি হৈ থকা সমস্যাৰ কথা উল্লেখ কৰে । সকলো সমস্যা সম্পর্কে বুজ লোৱাৰ অন্তত অধ্যক্ষ হাজৰিকাই জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলৰ সৈতে ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে কুসুম্বী ভেটি, শ্রীশ্রী কোথাই কটা সত্ৰ, শ্ৰীশ্ৰী নৰোৱা বালি সত্ৰ, শ্ৰীশ্ৰী দামোদৰ দেৱৰ ধান বালি সত্ৰ, ৰামপুৰ সত্ৰ আদি কেইবাখনো স্থান তথা সত্ৰলৈ গৈ স্থানসমূহ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় জনসাধৰণৰ লগত মত বিনিময় কৰে ।
আবেলিৰ ভাগত নগাঁও জিলাৰ উপায়ুক্তৰ সভাকক্ষত জিলাখনৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ উপস্থিতিত নগাঁও জিলাৰ বিভিন্ন সত্ৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতেও আয়োগে মত বিনিময় কৰে । মত বিনিময় সভাত সত্ৰসমূহৰ বিষয়ববীয়াসকলে বেদখলকে ধৰি বিভিন্ন সমস্যা সম্পৰ্কত অৱগত কৰে ।
দুয়োখন সভাতে কুসুম্বৰী ভেটি সংৰক্ষণৰ অর্থে আগবাঢ়ি অহা বাবে সকলোৱে একে মুখে অসম চৰকাৰক ধন্যবাদ জনায় আৰু সময়োচিত পদক্ষেপ বুলি আদৰণি জনায় । বেদখলৰ বাবে এসময়ৰ আশীর্বাদ স্বৰূপ কুঞ্জী বিল বর্তমান অভিশাপস্বৰূপ হৈছেগৈ বুলি উল্লেখ কৰি অনতি পলমে ইয়াৰ সংলগ্ন জুৰিসমূহ বেদখলমুক্ত কৰাৰ লগতে পুনৰোজ্জীৱিত কৰি সত্ৰৰ লগতে কৃষক ৰাইজৰ উপকাৰ সাধিবলৈ অনুৰোধ জনায় ।
ইয়াৰ পিছতে গেলাবড়ীত থকা শ্ৰীশ্ৰী কুৰুৱাবাহী সত্ৰ পৰিদৰ্শন কৰি সত্ৰখনৰ সত্ৰাধিকাৰ শ্রীশ্রী লাড়ুগোপাল গোস্বামী আৰু পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিতি হয় ৷
উল্লেখ যোগ্য যে অসমৰ সত্ৰসমূহৰ ভূমিকে ধৰি বিভিন্ন সমস্যা সম্পর্কে ক্ষেত্রভিত্তিক অধ্যয়ন কৰি প্রতিবেদন দাখিল কৰিবলৈ ২০২১ বৰ্ষৰ ১৭ ডিচেম্বৰত এবছৰ কার্যকাল নির্ধাৰণেৰে বিধায়ক প্রদীপ হাজৰিকাক কেবিনেট মর্যাদাৰে অধ্যক্ষ হিচাপে আৰু বিধায়ক ক্রমে মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাৰ সৈতে তিনিজনীয়া সত্ৰ আয়োগখন গঠন কৰি দিয়া হৈছিল ।
Published by: Kokil Sarma
FIRST PUBLISHED : March 19, 2023, 00:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।