মুখ্যপৃষ্ঠা »খবৰ »অসম »Batadrawa Satra : বাংলাদেশৰ পৰা অহা লোকসকলে দখল কৰিছে গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ ভূমি, বিস্ফোৰক অভিয়োগ মৃণাল শইকীয়াৰ

Batadrawa Satra : বাংলাদেশৰ পৰা অহা লোকসকলে দখল কৰিছে গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ ভূমি, বিস্ফোৰক অভিয়োগ মৃণাল শইকীয়াৰ

স্বৰ্গদেউসকলৰ দিনত সত্ৰক দিয়া ভূমি আজি সত্ৰৰ হাতত নাই : প্ৰদীপ হাজৰিকা

স্বৰ্গদেউসকলৰ দিনত সত্ৰক দিয়া ভূমি আজি সত্ৰৰ হাতত নাই : প্ৰদীপ হাজৰিকা

স্বৰ্গদেউসকলৰ দিনত সত্ৰক দিয়া ভূমি আজি সত্ৰৰ হাতত নাই : প্ৰদীপ হাজৰিকা

  • Share this:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত উপস্থিত সত্ৰৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ সমিতিৰ তিনিজনীয়া আয়োগ । বৃহত্তৰ বটদ্ৰৱাৰ বেদখল সন্দৰ্ভত  চৰজমিন তদন্তৰ বাবে উপস্থিত হৈ বটদ্ৰৱা থান পৰিচালনা সমিতি, স্থানীয় ৰাইজ তথা ভকত বৈষ্ণৱৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় আয়োগৰ দল। অধ্যক্ষ প্ৰদীপ হাজৰিকা, সদস্য ৰূপক শৰ্মা আৰু মৃণাল শইকীয়াই সকলোৰে মত সমূহ গুৰুত্বসহকাৰে লৈ পৰবৰ্তী সময়ত চৰকাৰক প্ৰতিবেদন দাখিল কৰিব।

আলোচনাৰ অন্তত গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত ৰামপুৰ সত্ৰ, বালিসত্ৰ, কোবাইকটা সত্ৰ আৰু প্ৰাক্তন সৈনিকৰ নামত আবণ্টিত লালুং গাঁৱৰ ভূমি পৰিদৰ্শন কৰে। আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ মন্তব্য, "স্বৰ্গদেউ সকলৰ দিনত সত্ৰক দিয়া ভূমি আজি সত্ৰৰ হাতত নাই। আমাৰ মূল হৈছে বটদ্ৰৱা। বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ আজি অস্তিত্ব নাই।"

নগাঁৱৰ বিধায়ক তথা আয়োগৰ সদস্য ৰূপক শৰ্মাৰ মন্তব্য,  "সত্ৰৰ এক ইঞ্চি মাটিও দিয়া নহ'ব বেদখলকাৰীক। সত্ৰৰ মাটি আজি বস্তি হৈছে।" পিছ দুৱাৰেদি কাম কৰা চৰকাৰী বিষয়াকো সাৱধানবাণী বিধায়ক ৰূপক শৰ্মাৰ।

আনহাতে মৃণাল শইকীয়াৰ মন্তব্য, "পূৰ্ব বংগৰ মুছলমানসকলে বা বাংলাদেশৰ পৰা অহা লোকসকলে ব্যাপকভাৱে আজি বটদ্ৰৱাৰ ভূমি বেদখল কৰিছে। যাৰ অত্যাচাৰত খিলঞ্জীয়া অসমীয়া মানুহ ইয়াৰ পৰা আতৰিবলৈ বাধ্য হৈছে। অসমৰ পৰিস্থিতি বৰ্তমান দুখজনক। হিন্দু আজি সংখ্যালঘু কিন্তু সংখ্যালঘুৰ সকলো সা-সুবিধা পাই আছে মুছলমানসকলে। প্ৰাক্তন সৈনিকক দিয়া মাটিও আজি অবৈধ বেদখলৰ কৱলত।"

উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ বৃহত্তৰ অঞ্চলটোৰ শ শ বিঘা সত্ৰ আৰু চৰকাৰী মাটিত একাংশ দুষ্ট লোকে সাজিছে বস্তি, খান্দিছে পুখুৰী, লাভ কৰিছে চৰকাৰী সা-সুবিধা ৷

শেহতীয়া বাতৰি