অসমৰ সৰস্বতী পূজা, আৰে...Googleত এয়া কি?

News18 Assam | News18-Assam
Updated:January 26, 2020, 11:48 AM IST
অসমৰ সৰস্বতী পূজা, আৰে...Googleত এয়া কি?
অসমত সৰস্বতী পূজা উদযাপনৰ বিষয়ে Google ত Search কৰিলে ওলায় সুন্দৰী যুৱতীৰ ফটো

অসমত সৰস্বতী পূজা উদযাপনৰ বিষয়ে Google ত Search কৰিলে ওলায় সুন্দৰী যুৱতীৰ ফটো

  • Share this:
বিদ্যাৰ দেৱী সৰ্বস্বতী। ছাত্র সমাজৰ মাজত এক আধ্যাত্মিক ভাৱ গঢ়ি তোলা পৰ্ব হৈছে শিক্ষাৰ  দেৱী সৰস্বতীৰ পূজা । প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়তে অতি উলহ মালহেৰে উদযাপন কৰা হয় সৰস্বতী পূজা।

কিন্তু  অসমত সৰস্বতী পূজাৰ বিষয়ে Googleত Search কৰিলে ওলাইছে বিপৰীত ছবি ভৱিষ্যত প্ৰজন্মৰ বাবে যে অসমত সৰস্বতী পূজাৰ সংজ্ঞা সলনি হৈছে সেই কথা প্ৰমাণ হৈছে ! কাৰণ অসমত সৰস্বতী পূজা উদযাপনৰ তথ্যক লৈ বিভ্ৰান্তিত পৰিছে Google ৰ দৰে ছাৰ্ছ ইঞ্জিনো । অসমত সৰস্বতী পূজা উদযাপনৰ বিষয়ে কোনো লোকে Google ত Search কৰিলেই প্ৰথমতেই ওলায় জাকে জাকে সুন্দৰী যুৱতীৰ ফটো ।

অৰ্থাৎ এই ফটোসমূহ চাই যিকোনো লোকৰে ধাৰণা হ’ব যে অসমত সৰস্বতী পূজা মানে কেৱল সুন্দৰী যুৱতীৰ সমাহাৰ,য’ত পৰিলক্ষিত নহয় কোনো আধ্যাত্মিক পৰিৱেশ ।

কিন্তু অসমৰ বিপৰীতে দিল্লী , মুম্বাইৰ দৰে নগৰসমূহত সৰস্বতী পূজা উদযাপনৰ বিষয়ে Google ত চাৰ্ছ কৰিলে বৰ্তমানো কিন্তু দেখিবলৈ পোৱা যায় দেৱী বন্দনাৰ সাত্বিক ফটো ।
আৰু চাওক
পৰৱৰ্তী বাতৰি