সাহিত্যানুৰাগীৰে উদুলি–মুদুলি শুৱালকুছিৰ বাকৰি, আৰম্ভ হ'ল সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন 

News18 Assam | News18-Assam
Updated:February 20, 2020, 1:04 PM IST
সাহিত্যানুৰাগীৰে উদুলি–মুদুলি শুৱালকুছিৰ বাকৰি, আৰম্ভ হ'ল সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন 
সাহিত্যৰ সৌৰভ ল'বলৈ জ্যোতি ক্ষেত্ৰত ভিৰ সাহিত্যনুৰাগীৰ ৷ পাঁচদিন ধৰি চলিব অসম সাহিত্য সভাৰ ৭৫সংখ্যক অধিৱেশন।

সাহিত্যৰ সৌৰভ ল'বলৈ জ্যোতি ক্ষেত্ৰত ভিৰ সাহিত্যনুৰাগীৰ ৷ পাঁচদিন ধৰি চলিব অসম সাহিত্য সভাৰ ৭৫সংখ্যক অধিৱেশন।

  • Share this:
শুৱালকুছি বাসীৰ অপেক্ষাৰ অৱসান ঘটাই, আৰম্ভ হ'ল পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন ৷ সাহিত্যৰ সৌৰভ ল'বলৈ জ্যোতি ক্ষেত্ৰত ভিৰ কৰিছে সাহিত্যনুৰাগীয়ে ৷ উদুলি–মুদুলি হৈ পৰিছে শুৱালকুছিৰ জ্যোতি ক্ষেত্ৰ ৷ শুৱালকুছিৰ আকাশ, বতাহ, গছ সকলোতে যেন সাহিত্যানুৰাগীক আদৰাৰ হেঁপাহ ৷  দ্বিতীয়বাৰলৈ অধিৱেশন অনুষ্ঠিত কৰিবলৈ যেন অধীৰ আগ্ৰহেৰে বাট চাই আছিল সোণালী সূতাৰ নগৰী শুৱালকুছিয়ে ৷
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা অধিৱেশনথলীলৈ যাতে সাহিত্যানুৰাগীয়ে অসুবিধা নোহোৱাকৈ যাব পাৰে তাৰ কাৰণে জল পৰিৱহন বিভাগে ব্যৱস্থা কৰিছে ফেৰী সেৱাৰ ব্যৱস্থা ৷ লাচিত ঘাটৰ পৰা আৰু পলাশবাৰী ফেৰী ঘাটৰ পৰা কেইবাখনো ফেৰীৰ ব্যৱস্থা কৰি দিছে বিভাগটোৱে ৷ লাচিত ঘাটৰ পৰা পুৱা ৯.৩০বজাত এখন আৰু ১০.৩০বজাত দ্বিতীয়খন ফেৰী শুৱাকুছিলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ বিপৰীতে পলাশবাৰী ঘাটৰ পৰা ৮টা ট্ৰিপ মাৰিব IWTৰ ফেৰীয়ে ৷ শুকুৰবাৰে শুৱালকুছিলৈ প্ৰথমখন ফেৰীৰ শুভাৰম্ভ ঘটাই জল পৰিৱহনৰ সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডে ক'লে—"যাত্ৰীয়ে যাতে কোনো অসুবিধা নাপায় তাৰ প্ৰতি আমি নজৰ ৰাখিছো ৷ বিশ টকাকৈ নিৰ্দ্ধাৰণ কৰা হৈছে শুৱালকুছিলৈকে ভাড়া ৷ শুৱালকুছিৰ পৰা বিয়লি ঘুৰি আহিবলৈও ব্যৱস্থা কৰা হৈছে ফেৰীৰ ৷"
প্ৰায় ১২০ বিঘা ভূমিত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনত শুকুৰবাৰে ভাগে ভাগে মুকলি হ'ল প্ৰতিখন তোৰণ ৷ প্ৰদৰ্শনী দ্বাৰ মুকলি হোৱাৰ পিছতে বিভিন্ন বিপণীত ভিৰ কৰা দেখা গ'ল সাহিত্যানুৰাগীক ৷ পৰিৱহন বিভাগে দূৰ্ঘটনা ৰোধৰ বাবে প্ৰদৰ্শনীস্থলিতে সৃষ্টি কৰিলে সজাগতা ৷ পৰিৱহন বিষয়া গৌতম দাসৰ তদাৰকত সজাগতামূলক প্ৰদৰ্শনীয়ে দৃষ্টি আকৰ্ষণ কৰিলে বহুতৰে ৷ একেদৰে শতায়ু গৰকা দোলাৰ পৰা বৃহৎ জাকৈ, পশুপালন বিভাগৰ বিপনীৰ ৰেছমী পাৰ চৰাই এই সকলোবোৰ হৈ পৰিল অধিৱেশনস্থলীলৈ অহা লোকসকলৰ আকৰ্ষণৰ কাৰণ৷

৪ফেব্ৰুৱাৰী পৰ্যন্ত চলিব লগীয়া সাহিত্য সভাৰ অধিৱেশনত জুবিন গাৰ্গ,কল্পনা পাটোৱাৰী,ৰূপম ভূঞাৰ লগতে সাংস্কৃতিক মঞ্চত গীত পৰিৱেশন কৰিব খ্যাতনামা সংগীত শিল্পী কৈলাশ খেৰে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি