Assam Sahitya Sabha: সাহিত্যৰ জৰিয়তে মহা মহা পুৰুষৰ আদৰ্শ বিলাক আমি ৰক্ষা কৰিব লাগিব : মৃণালিনী দেৱী
Assam Sahitya Sabha: সাহিত্যৰ জৰিয়তে মহা মহা পুৰুষৰ আদৰ্শ বিলাক আমি ৰক্ষা কৰিব লাগিব : মৃণালিনী দেৱী
"সাহিত্যৰ জৰিয়তে মহা মহা পুৰুষৰ আদৰ্শ বিলাক আমি ৰক্ষা কৰিব লাগিব । যুগে যুগে যিসকল আমাৰ মাজত নতুন প্ৰজন্ম আহি থাকিব তেওলোকক সেই মহান মনিষী সকলৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব", এই দৰে কয় অসম সাহিত্য সভা (Assam Sahitya Sabha)ৰ উপ সভাপতি মৃণালিনী দেৱী (Mrinalini Devi)য়ে । আজি হাউলী ৰাস মন্দিৰৰ মুকলি পথাৰত অসম সাহিত্য সভাই ৰামধেনু উপ-সমিতিৰ উদ্যোগত হাউলী সাহিত্য সভা আৰু মনোমতী উপন্যাসৰ ৰচনাস্থলী স্মৃতি ৰক্ষা সমিতিৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ (Rajanikanta Bardoloi)ৰ ১৫৪ সংখ্যক জন্ম দিৱস অনুষ্ঠিত কৰা হয় ।
মৃণালিনী দেৱীয়ে কয়, "বিভিন্ন ঘাত প্ৰতিঘাত লঘু লাঞ্ছনাৰ মাজেৰে অসম সাহিত্য সভাই এই অৱস্থা পাইছে । গতিকে সাহিত্য সভাৰ কথাখিনি ভৱিষ্যৎ প্ৰজন্মৰ উত্তৰাধিকাৰী সকলক যদি আমি শিকাই দিব নোৱাৰো তেতিয়াহলে নতুন প্ৰজন্মই জাতীয় অনুষ্ঠান বিলাক কেনেকৈ চলাই নিব।"
ৰজনীকান্ত বৰদলৈৰ জন্ম দিৱস উপলক্ষে হাউলীত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন পূজাৰীয়ে । ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে হাউলী পৌৰসভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ দাসে । অনুষ্ঠানত মুখ্য তৰ্পক হিচাপে উপস্থিত থাকি হাউলী ৰাস মহোৎসৱৰ সভাপতি মুনীন্দ্ৰ দাস ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ মুকলি কৰে অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে । সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় শিল্পী ক্ৰমে ৰূপম ভূঞা, বিদ্যাসাগৰ, নিবেদিতা মেধীৰ লগতে কেইবাগৰাকীও সংগীত শিল্পীয়ে সংগীত পৰিৱেশন কৰে । অনুষ্ঠানৰ শেষত সন্ধিয়া প্ৰচীন ঘিলাজাৰী সত্ৰ সংৰক্ষণ সমিতিৰ পৰিচালনাত মনোমতী উপন্যাসৰ বন্তি প্ৰজ্বলন কৰা হয় ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|