অসম সাহিত্য সভাৰ নতুন সভাপতি কুলধৰ শইকীয়াৰ জীৱন–বৃত্তান্ত

News18 Assam | News18-Assam
Updated:January 3, 2020, 5:22 PM IST
অসম সাহিত্য সভাৰ নতুন সভাপতি কুলধৰ শইকীয়াৰ জীৱন–বৃত্তান্ত
IPSৰ জীৱনৰ পৰা সাহিত্যৰ জীৱনলৈ বৰ্ণিল পৰিক্ৰমাত কুলধৰ শইকীয়া

IPSৰ জীৱনৰ পৰা সাহিত্যৰ জীৱনলৈ বৰ্ণিল পৰিক্ৰমাত কুলধৰ শইকীয়া

  • Share this:
অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল বিশিষ্ট সাহিত্যিক, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়া।

জানো আহক কুলধৰ শইকীয়াৰ বিষয়ে কিছু কথা–

কুলধৰ শইকীয়াৰ এতিয়ালৈ ১২ খন চুটিগল্প সংকলন প্ৰকাশ হৈছে। ২০০০ চনত তেওঁলৈ সন্মানীয় “কথা” পুৰস্কাৰ আগবঢ়োৱা হয়।

অসমৰ স্থানীয় বাতৰি কাকত-আলোচনীৰৰ লগতে ইংৰাজী কাকত-আলোচনীতো শইকীয়াই নিয়মীয়াকৈ অৰ্থনৈতিক বিকাশৰ পৰা ব্ৰেণ্ড ব্যৱস্থাপনা, শক্তি পৰিকল্পনাৰ পৰা সাহিত্য সমালোচনা, কূটনৈতিক কৌশল আদি বিভিন্ন বিষয়ৰ সম্বন্ধত নিবন্ধ লিখি আহিছে।

তেওঁৰ কিছুমান প্ৰকাশিত নিৱন্ধ “Energy Resources and Planning in the North East” গ্ৰন্থত প্ৰকাশ হৈছে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) আদিৰ দৰে ভাৰতৰ আগশাৰীৰ ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষানুষ্ঠানে তেওঁক ব্যৱস্থাপনা, বিকাশৰ সামূদায়িক নিৰ্ণয় ব্যৱস্থা আদি বিষয়ত বক্তব্য ৰাখিবলৈ অতিথি বক্তা হিচাপে নিমন্ত্ৰণ কৰি আহিছে।

অসমৰ সামগ্ৰিক বিকাশ আৰু সংবৰ্ধন সম্পৰ্কে প্ৰকাশ পোৱা “Assam: Beyond 2000” নামৰ অৱলোকন নথি-প্ৰকল্পৰো তেওঁ এগৰাকী সম্পাদক আছিল। “Assam Police: Through the Years” নামৰ গ্ৰন্থৰ তিনিজনীয়া সম্পাদনা সমিতিৰ এজন হিচাপে তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শইকীয়া এজন উচ্চ প্ৰশংসিত নাট্যকাৰো। বহু কেইখন গভীৰ চিন্তোদ্দীপক নাটক লিখাৰ উপৰিও তেখেতে দূৰদৰ্শনৰ বাবে দুখন টেলি-ফিল্মৰ চিত্ৰনাট্য লিখি পৰিচালনাও কৰিছে।

জীৱন পৰিক্ৰমা: কুলধৰ শইকীয়াৰ জন্ম ১৯৫৯ চনত। ৰঙিয়াৰ হাইস্কুলত স্কুলীয়া শিক্ষা লাভ কৰি তেওঁ কটন মহাবিদ্যালয়ৰ পৰা প্ৰাক্‌বিশ্ববিদ্যালয় আৰু দিল্লীৰ ৰাজজাছ কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে । দিল্লী স্কুল অৱ ইকোন’মিক্সৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰাৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজত কিছুদিন অৰ্থনীতি পঢ়াইছিল।

১৯৮৫ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰাৰ আগতে তেওঁ কিছুদিন পৰিকল্পনা আয়োগত ভাৰতীয় অৰ্থনীতি সেৱাৰ বিষয়া হিচাপে আৰু তাৰ পিছত কিছুদিন ভাৰতীয় ৰে’ল যাতায়ত সেৱাৰ বিষয়া হিচাপেও কাম কৰিছিল। তেওঁঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া (অসম-মেঘালয় কেডাৰ)ৰ হিচাপে যোগদান কৰি অসম আৰক্ষীৰ সঞ্চালক-প্ৰধান পদত অধিষ্ঠিত হৈ বিগত নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিছে ।

২০০০-২০০১ চনত তেওঁ আমেৰিকাৰ পেন্সিলভানিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ত সন্মানীয় ফুলব্ৰাইট সভ্য হিচাপে “নেতৃত্ব আৰু ব্যৱস্থাপনা” বিষয়ৰ পাঠ্যক্ৰম আৰু লগতে “সামুদায়িক বিকাশ আৰু সম্পদ-ব্যৱস্থাপনা” বিযয়ত গৱেষণা কাৰ্যক্ৰম সম্পন্ন কৰে।

শইকীয়াই অলপ দিনৰ বাবে ৱাশ্বিংটনত বিশ্ব-বেঙ্কৰ পৰামৰ্শদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ পৰা "অপৰাধ আৰু উন্নয়ন" বিষয়ত ডক্টৰেট ডিগ্ৰীও লাভ কৰিছিল।

কুলধৰ শইকীয়ালৈ সন্মান তথা বঁটা:“আখৰত মই আৰু অন্যান্য” গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা, ১৯৯৮"কথা বঁটা" , ২০০০দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক"আকাশৰ ছবি আৰু অন্যান্য গল্প"ৰ বাবে সাহিত্য অকাডেমি বঁটা, ২০১৫।
আৰু চাওক
পৰৱৰ্তী বাতৰি