প্ৰকৃতিৰ বুকুত এতিয়া বসন্তৰ আগমন, আকৌ আহিছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুৰ বাবে ঢোল প্ৰস্তুত কৰাত শিল্পীসকল। নলবাৰীত দুই ভাতৃ ব্যস্ত ঢোল প্ৰস্তুত কৰাত।
বসন্তৰ আগমনৰ লগে লগে আকৌ আহিছে হেঁপাহৰ ৰঙালী বিহু । ৰঙালী বিহুৰ প্ৰাকক্ষণত এতিয়া নলবাৰীত দুই ভাতৃ ব্যস্ত হৈ পৰিছে ঢোল প্ৰস্তুত কৰাত । নলবাৰী চহৰস্থিত বাদ্য ভাণ্ডাৰত এতিয়া ঢোল প্ৰস্তুত কৰাত ব্যস্ত এই দুই ভাতৃ । বংশানুক্ৰমিক ভাৱে বছৰ বছৰ ধৰি ঢোল প্ৰস্তুত কৰি আহিছে এই দুই ভাতৃ ক্ৰমে ভক্ত দাস আৰু মনোজ দাসে । প্ৰায় ৫০ বছৰে জড়িত হৈ আহিছে ঢোল প্ৰস্তুত কৰা কামত। উল্লেখযোগ্য যে এইবেলি যিহেতু কোভিদৰ কোনো বাধ্য বাধকতা নাই সেয়ে দুগুণ উৎসাহৰে ব্যস্ত দুয়োগৰাকী। উল্লেখযোগ্য যে এই বাদ্য ভাণ্ডাৰত প্ৰস্তুত কৰা এই ঢোলসমূহ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু তলীত ঢুলীয়াৰ কান্ধত গুমগুমাই উঠিব। আনহাতে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ঢোল ক্ৰয় কৰাৰ বাবে আহে ঢুলীয়া । ঢোলৰ বিপনীত এতিয়া দুই ভাতৃৰ হাতেৰে সাজি উলিওৱা ঢোল ক্ৰয় কৰাৰ বাবে ভিৰ গ্ৰাহকৰ । ইফালে ৪০ তাতকৈ অধিক নতুন ঢোল সাজি উলিওৱাৰ লগতে ২০ তাতকৈ অধিক মেৰামতিৰ বাবেই আহিছে ঢোল। ইফালে উক্ত বিপনীত সৰু বৰ বিভিন্ন প্ৰকাৰৰ ঢোল উপলব্ধ । ইয়াৰ উপৰিও ঢোল , খোল আৰু বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে বাদ্য ভাণ্ডাৰত ।
Published by: Kokil Sarma
FIRST PUBLISHED : March 22, 2023, 12:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।