পহিলা ব'হাগত উদুলি মুদুলি ৰংঘৰৰ বাকৰি ।
১৭৪৬ খ্ৰীষ্টাব্দত স্বৰ্গদেও প্ৰমত্ত সিংহয়ে নিৰ্মান কৰিছিল ৰংঘৰ। এই ৰংঘৰৰ বাকৰিত পহিলা ব'হাগত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ ৰংপুৰ ৰঙালি বিহু উদযাপন সমিতিৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰঙালী বিহু ।
প্ৰথমবাৰৰ বাবে ৰংঘৰৰ ৰঙালী বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় হাতী দৌৰ খেল। ৰংঘৰ চাৰিআলিৰ পৰা তলাতল ঘৰলৈকে দৌৰে ৰঞ্জু, শকুন্তলা, সুন্দৰ, ৰংমলা আৰু জোনালী নামৰ পাঁচটা হাতীয়ে ।
হাতী দৌৰৰ পিছতেই ৰংঘৰত প্ৰতিকী স্বৰ্গদেউ হিচাপে উপস্থিত থাকে আহোম ৰাজত্বৰ শেষৰজন স্বৰ্গদেও পুৰন্দৰ সিংহৰ পৰিনাতি আলোক নাৰায়ন সিংহ।
![]()
কেইবাটাও দলে হুচঁৰি, জেং বিহু আদি পৰিৱেশন কৰি জীপাল কৰি তোলে ৰংঘৰৰ বাকৰি । প্ৰদৰ্শন কৰা হয় কেইবাটাও বিভিন্ন জনগোষ্ঠীয় নৃত্য ।
বিভিন্ন কাৰ্যসূচীৰ মাজতে ৰংঘৰৰ বিহু উদযাপন সমিতিয়ে শিৱসাগৰৰ ২০ গৰাকী আৰ্থিক ভাবে দূৰ্বল কৃতী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰে । ইয়াৰ উপৰিও বিহু উদযাপনস্থলীতে কেইবাগৰাকী গণ্য মান্য ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|