খানাপাৰাৰ ষ্টাফ কলেজত ট্ৰাফিক ইণ্টাৰচেপ্তাৰ বাহন মুকলি কৰি জনতাক সজাগ হোৱাৰ আহ্বান পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ উৎসৱৰ নামত সুৰাপান কৰি বাহন নচলাব ৷ বাহনৰ তীব্ৰ বেগ ৰোধ কৰক ৷ লগতে বাইকৰ চালক তথা আৰোহী দুয়োগৰাকীকে হেলমেট পৰিধান কৰাৰ আহ্বান ৷ অন্যথা কঠোৰ হ'ব পৰিবহন বিভাগ ৷
৩১ ডিচেম্বৰৰ নিশা কোনো চালকৰ দুৰ্ঘটনাত মৃত্যু হ'ব নোৱাৰে ৷ তাৰ বাবে পৰিবহন বিভাগ আৰু আৰক্ষীৰ যৌথ প্ৰচেষ্টাত অভিযান অব্যাহত আছে আৰু অভিযান অব্যাহত ৰখাৰ নিৰ্দেশ পৰিবহন মন্ত্ৰীৰ ৷ চৰকাৰী তথ্য অনুসৰি ২০১৮ চনৰ পৰা এই পৰ্য্যন্ত ৰাজ্যত ২৯ হাজাৰ ৯ শ ৩৬ টা পথ দুৰ্ঘটনা ৷ ২৯ হাজাৰ ৯ শ ৩৬ টা পথ দুৰ্ঘটনাৰ বিপৰীতে ৰাজ্যত ১১ হাজাৰ ৫ শ ৫৭ গৰাকীৰ লোকৰ মৃত্যু ৷ মৃত্যু হোৱাৰ লোকৰ পৰিসংখ্যা অনুসৰি ১৮ ৰ পৰা ৩৫ বছৰৰ লোকৰ সংখ্যা অধিক ৷ ইপিনে এই প্ৰতিটো দুৰ্ঘটনাৰ মূল কাৰক ৰূপে চিন্হিত অত্যাধিক সুৰাপান, দুচকীয়া মটৰ চাইকেল চলোৱা সময়ত হেলমেট পৰিধান নকৰা তথা তীব্ৰ বেগত বাহন চলোৱা ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
গতিকে নতুন বছৰৰ প্ৰাকক্ষণত মন্ত্ৰীৰ প্ৰতিগৰাকী চালকলৈ আহ্বান যাতে নিৰাপদ যাত্ৰাৰ বাবে প্ৰতিগৰাকী চালকে পৰিবহন বিভাগৰ নীতি নিৰ্দেশ মানি বাহন চলাচল কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|