River Dolphin অর্থাৎ শিহুক ২০০৮ চনৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীৰ মৰ্যাদা দিয়া হৈছিল । IUCN (International Union for Conservation of Nature) আৰু WII (Wildlife Institute of India)ৰ সহযোগত ২০০৫ চনৰ পৰা প্ৰণালীৱদ্ধভাৱে অসমৰ শিহুৰ ওপৰত জৰীপ চলি আহিছে ।
বিশেষজ্ঞসকলৰ ধাৰণা মতে ১৯৫০ চনৰ বৰভূঁইকপে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহ গঠনত যি ব্যাপক পৰিৱৰ্তন আনিলে তাৰ ফলত অসমৰ বহু উপনদীত গভীৰতাৰ যথেষ্ট পৰিৱর্তন হ'ল। সেইবাবে ১৯৫০ চনৰ আগতে বয়োজ্যেষ্ঠসকলে দেখা বহু উপনদীৰ শিহু নাইকিয়া হ'ল। ১৯৫০ চনৰ পৰৱৰ্তী বছৰসমূহত তেলৰ বাবে শিহু বধ কৰা মাছৰ পৰিমাণ হ্ৰাস হোৱা আদি কাৰণৰ বাবেও অসমত শিহুৰ সংখ্যা হ্রাস হোৱা বুলি জনা যায়। অৱশ্যে ৯০ দশকলৈকে অসমত শিহু গণনা হোৱা নাছিল, যাৰ বাবে তেতিয়ালৈকে অসমৰ কোন নদীত কিমান সংখ্যক শিহু আছিল তাৰ তথ্য নাই। ২০০৫ চনৰ পৰাহে অসমৰ নদীসমূহত থকা শিহুৰ সংখ্যা লিপিৱদ্ধ আছে।
অৱশ্যে বৰাক নদীত শিহু ক্রমশঃ নাইকিয়া হোৱা বুলি ধাৰণা কৰা হৈছে। সেই সন্দৰ্ভত চলিত মাহতে অসমৰ বন বিভাগে ডেৰাডুনস্থিত Wildlife Institute of Indiaই ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ সহযোগত এক জৰীপ কৰিব । ২০০৫ চনৰ পৰা অসম বন বিভাগে Wildlife Institute of India আৰু আৰণ্যকৰ সহযোগত চলা জৰীপসমূহত বৰাকক বাদ দি অসমৰ কোনো নদীত শিহু নাইকিয়া হোৱাৰ তথ্য পোৱা হোৱা নাই যদিও কলহী আৰু সোৱণশিৰি নদীত শিহুৰ সংখ্যা কিছু কমিছে। কলহী, সোৱণশিৰী, ব্ৰহ্মপুত্ৰত বাৰ মাহে শিহু থকাৰ উপৰিও অসমৰ মুঠ ১৬খন প্রধান উপনদীত বাৰিষাকালত ব্ৰহ্মপুত্ৰৰ পৰা উজাই অহা শিহু থাকে। মাছমৰীয়াৰ জালত লাগি মৰা, তেলৰ বাবে শিহু বধ কৰা, শিহুৰ বাসস্থানত অত্যাধিক মাছ ধৰা মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে বাসস্থানৰ তাৰতম্য হোৱা আদি কাৰকসমূহ অসমৰ শিহুৰ মুখ্য বিপদৰ কাৰণ। অসমত ২০০৮ চনৰ পৰা শিহুৰ মৃত্যুৰ তথ্য আছে। তাৰ আগৰ বছৰসমূহৰ তথা নাই। ২০০৮ত জালত লাগি ১৩টা আৰু আন কাৰণত ৩টা শিহুৰ মৃত্যু হৈছিল ৷ ২০০৯ত ৭টা, ২০১০ত ২টা, ২০১১ত ১১টা, ২০১২ত ১৬টা, ২০১৩ত ৫টা, ২০১৪ত ৩টা এনেধৰণে চলিত বৰ্ষলৈকে ৮০টা শিহুৰ মৃত্যু হৈছে ৷ অকল কলহী নদীত জালত লাগি ৪টা, অজ্ঞাত কাৰণত ৩টা, কম পানীৰ বাবে ১টা আৰু জলপ্ৰদূষণৰ ফলত মৃত্যু হৈছে ১টা সৰ্বমুঠ ৯টা শিহু ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 16, 2023, 19:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।