মুখ্যপৃষ্ঠা »খবৰ »অসম »ভাৰতীয় নাগৰিকক অপহৰণ কৰি ক'লৈ নিয়াৰ ভয়ংকৰ পৰিকল্পনা কৰিছে এনএছচিএনে? অসম ৰাইফলছৰ সংবাদ মেল

ভাৰতীয় নাগৰিকক অপহৰণ কৰি ক'লৈ নিয়াৰ ভয়ংকৰ পৰিকল্পনা কৰিছে এনএছচিএনে? অসম ৰাইফলছৰ সংবাদ মেল

অসম ৰাইফলছৰ ব্ৰিগেডিয়াৰ বিজয় চাহাৰ আৰু লংডিং জিলাৰ আৰক্ষী অধীক্ষক মীনায়েও অংশগ্ৰহণ কৰে সংবাদ মেলত।

অসম ৰাইফলছৰ ব্ৰিগেডিয়াৰ বিজয় চাহাৰ আৰু লংডিং জিলাৰ আৰক্ষী অধীক্ষক মীনায়েও অংশগ্ৰহণ কৰে সংবাদ মেলত।

অসম ৰাইফলছৰ ব্ৰিগেডিয়াৰ বিজয় চাহাৰ আৰু লংডিং জিলাৰ আৰক্ষী অধীক্ষক মীনায়েও অংশগ্ৰহণ কৰে সংবাদ মেলত।

  • Share this:

সততে উত্তৰ-পূৰ্বাঞ্চলত ধন দাবী, হত্যা আদি কৰ্মৰে আতংকৰ সৃষ্টি কৰি অহা নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনে এইবাৰ ৰচিছে ভয়ংকৰ চক্ৰবেহু। এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ম্যানমাৰলৈ ভাৰতীয় নাগৰিকক অপহৰণ কৰি নিয়াৰ ভয়ংকৰ পৰিকল্পনা কৰিছে সংগঠনটোৰ কেইবাটাও গোটে।


এই পৰিকল্পনাৰ অংশ স্বৰূপেই সংগঠনটোৰ কে ৱাই এ গোটে অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ পৰা দুজনকৈ অৰুণাচলী নাগৰিকক অপহৰণ কৰি ম্যানমাৰৰ দিশে নিবলৈ লওঁতেই কালি অসম ৰাইফলছৰ হাতত নিহত হৈছিল তিনিজনকৈ দুৰ্ধর্ষ কেডাৰ।


 সমগ্ৰ দেশৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিব পৰা এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে অসম ৰাইফলছে। উল্লেখ্য যে কালি অৰুণাচলৰ লংডিঙত অসম ৰাইফলছ আৰু উগ্ৰপন্থী গোটৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত অৱগত কৰিবলৈ আজি তিৰাপ জিলাৰ খুনচাত অসম ৰাইফলছৰ উদ্যোগত অনুষ্ঠিত হয় এখন সংবাদ মেল।


অসম ৰাইফলছৰ ব্ৰিগেডিয়াৰ বিজয় চাহাৰে সম্বোধন কৰা আৰু লংডিং জিলাৰ আৰক্ষী অধীক্ষক মীনায়েও অংশগ্ৰহণ কৰা এই সংবাদ মেলত জানিবলৈ দিয়া মতে, এন এছ চি এনৰ কে ৱাই এ গোটে এইবাৰ পৰিকল্পনা কৰিছে ভাৰতীয় নাগৰিকক অপহৰণ কৰি ম্যানমাৰৰ ভূমিলৈ লৈ গৈ পৰৱৰ্তী পৰ্যায়ত পণবন্দী মুক্তি কৰাৰ।


এই পৰিকল্পনাৰ অংশ স্বৰূপেই  উগ্ৰপন্থী দলটোৱে ১৪ নৱেম্বৰৰ নিশা তিৰাপ জিলাৰ লাহো গাঁৱৰ গাঁওবুঢ়া ৰৱাং লৱাঙৰ লগতে অপহৰণ কৰে জিলাখনৰ প্ৰাক্তন ASM চংয়াং হাকোনক। সূত্ৰটোৰ মতে, তেওঁলোকে এই দুয়োগৰাকী ব্যক্তিক অপহৰণ কৰি ম্যানমাৰ দিশে লৈ যোৱাৰ তথ্য লাভ কৰি অসম ৰাইফলছে অৰুণাচল আৰক্ষীৰ সৈতে যুটীয়া অভিযান আৰম্ভ কৰি খুনচা আৰু ৱাক্রাৰ মাজৰ খগলা গাঁওৰ গভীৰ অৰণ্যৰ মাজেৰে ম্যানমাৰ দিশে গৈ থকা অৱস্থাত অপহৃত লোক দুজনৰ সৈতে  উক্ত দলটোৰ ৫ জনীয়া এটা গোটক প্ৰত্যক্ষ কৰে ।


 উল্লেখ্য যে নিৰাপত্তা বাহিনীক প্ৰত্যক্ষ কৰিয়েই উগ্ৰপন্থী দলটোৱে তেওঁলোকক উদ্দেশ্য কৰি গুলীবৰ্ষণ কৰাত আহত হয় এগৰাকী অসম ৰাইফলছৰ জোৱান। প্ৰত্যুত্তৰত অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়েও  গুলীচালনা কৰে আৰু গুলীয়াগুলীৰ অন্তত উগ্ৰপন্থী দলটোৰ তিনিজনকৈ কেডাৰ নিহত হোৱাৰ লগতে আন দুজন কেডাৰে পলায়ন কৰে। আনহাতে নিৰাপত্তা বাহিনীটোয়ে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুয়োগৰাকী অপহৃত লোকক।

শেহতীয়া বাতৰি