দুবছৰৰ ভিতৰত দুটাকৈ ঘটনা ৷ নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-IMয়ে আবদ্ধ কৰিলে ভাৰতীয় সেনাৰ দুজনকৈ বিষয়াক ৷ প্ৰথমজন আছিল লেফটেনেণ্ট কৰ্ণেল আৰু দ্বিতীয়জন হ'ল কেপ্টেইন ৷
বৃহস্পতিবাৰৰ বিয়লি ভাগত ঘটিল দ্বিতীয়টো ঘটনা ৷ স্থান মণিপুৰৰ সেনাপতি জিলাৰ মায়াংখাং ৷ আছাম ৰাইফলচৰ ৩৪ নং বেটেলিয়ন আৰু NSCN-IMৰ মাজত লাগিল হতাহতি। আৰু শেষত আবদ্ধ কৰি কাঢ়ি ল'লে আছাম ৰাইফলচৰ কেপ্টেইনৰ AK 47 ৰাইফল ৷
ঘটনাটো অতি কম সময়ৰ ভিতৰতেই ঘটি গ'ল বুলি সদৰী কৰিছে স্থানীয় লোকে ৷ অৱশ্যে NSCN-IMৰ স্থানীয় কেম্পৰ কমাণ্ডাৰ, এজন মেজৰে আছাম ৰাইফলচৰ কেপ্তেইনজনক আবদ্ধ কৰি AK 47 টো কাঢ়ি লোৱাৰ পিছত স্থানীয় দল-সংগঠনে মধ্যস্থতা কৰে ৷
স্থানীয় NPO, SDSA আৰু SDWAয়ে তৎকালীন ভাৱে ঘটনাস্থলীত উপস্থিত হয় ৷ সংগঠন কেইটাই মধ্যস্থতা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ফলত ঘটনাই ভয়াৱহ ৰূপ লোৱাৰ পৰা ৰক্ষা পৰে ৷ NSCN-IMৰ কমাণ্ডাৰে জব্দ কৰা AK 47 টো পিছত আছাম ৰাইফলচৰ কেপ্টেইনক গটাই দিয়া হয় ৷
কিন্তু ঘটনাটো সিমানতে সমাপ্তি নঘটিল ৷ নিশা আছাম ৰাইফলচে ল'লে পোটক ৷ আছাম ৰাইফলচৰ এটা বৃহৎ দলে মাজনিশা NSCN-IMৰ কমাণ্ডাৰজনক আটক কৰে ৷ আৰু ইয়াৰ পিছত শুকুৰবাৰ দিনটোত উতপ্ত হৈ উঠিল সেনাপতি জিলা ৷ আছাম ৰাইফলছে আটক কৰা NSCN-IMৰ কমাণ্ডাৰজনক শীৰ্ঘে আৰু বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ৰাইজে ৷
হাতে হাতে প্লে-কাৰ্ড লৈ একাংশ পুৰুষ-মহিলাই সেনাপতিৰ সদৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে ৰাজপথত শাৰী শাৰী টায়াৰ জ্বলাই দিয়ে ৷ বন্ধ কৰি দিয়া হয় সকলো দোকান-পোহাৰ। বন্ধ হয় সকলো যান-বাহনৰ চলাচল ৷ মুঠতে বৃহস্পতিবাৰৰ ঘটনাই এতিয়া উত্তেজনাপূৰ্ণ কৰি তুলিছে মণিপুৰৰ সেনাপতি অঞ্চল ৷ এই পৰ্যন্ত আছাম ৰাইফলছে মুকলি কৰি দিয়া নাই NSCN-IMৰ কমাণ্ডাৰজনক ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 22, 2020, 09:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।