অশ্লীল ভিডিঅ’ বনাবলৈ নিদিয়াৰ কাৰণেই ৬ বছৰীয়া কণমানি জীয়ৰী সহ পত্নীক জে’ললৈ পঠিয়ালে জোৱানে! বহু নাৰীৰ সৈতে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি দেখুৱাই সহকৰ্মীক!

বিকৃত মানসিকতাৰ স্বামীয়ে বিভিন্ন মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি নিৰ্মাণ কৰে ভিডিঅ’।পত্নীকো শাৰীৰিক সম্পৰ্ক কৰি ভিডিঅ’ নিৰ্মাণ কৰিবলৈ হেঁচা। পত্নী অমান্তি হোৱাত চলাইছিল অকথ্য নিৰ্যাতন

News18-Assam
Updated:November 6, 2019, 6:32 PM IST
অশ্লীল ভিডিঅ’ বনাবলৈ নিদিয়াৰ কাৰণেই ৬ বছৰীয়া কণমানি জীয়ৰী সহ পত্নীক জে’ললৈ পঠিয়ালে জোৱানে! বহু নাৰীৰ সৈতে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি দেখুৱাই সহকৰ্মীক!
বিকৃত মানসিকতাৰ স্বামীয়ে বিভিন্ন মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি নিৰ্মাণ কৰে ভিডিঅ’।পত্নীকো শাৰীৰিক সম্পৰ্ক কৰি ভিডিঅ’ নিৰ্মাণ কৰিবলৈ হেঁচা। পত্নী অমান্তি হোৱাত চলাইছিল অকথ্য নিৰ্যাতন
News18-Assam
Updated: November 6, 2019, 6:32 PM IST
নিলাজ স্বামী! পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি ভিডিঅ’ নিৰ্মাণ কৰিবলৈ মন লম্পট স্বামীৰ। পত্নী অমান্তি হোৱাত অকথ্য শাৰীৰিক মানসিক নিৰ্যাতন। ঘটনাটো সংঘটিত হৈছে যোৰহাটত। অসম ৰাইফলছৰ এগৰাকী জোৱানৰ চৰিত্ৰ এইয়া!

চূড়ান্ত বিকৃত মানসিকতাৰ পৰিচয় দি, নিজৰ পত্নীৰে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি সহকৰ্মীক দেখুৱাই জোৱান জনে। সেইদৰে অন্য বহু নাৰীৰ সৈতেও শাৰীৰিক সম্পৰ্ক স্থাপন কৰি ভিডিঅ’ প্ৰস্তুত কৰে জোৱানজনে। Whatsapp যোগে শ্বেয়াৰো কৰে তেনে বোৰ ভিডিঅ’। আনকি পত্নীক উচ্চ প্ৰদস্থ বিষয়াৰ সৈতে প্ৰতিদিনে শাৰিৰীক সম্পৰ্ক স্থাপন কৰিবলৈ হেঁচা দিয়ে পাষণ্ডটোৱে।

প্ৰতিদিনে পত্নীৰ ওপৰত চলোৱা এনে পাশৱিক অত্যাচাৰ সহিব নোৱাৰি পত্নীয়ে অৱশেষত নিজৰ কণমানি জীয়ৰীকলৈ পিতৃ গৃহলৈ গুচি আহিবলৈ বাধ্য হয়।  কিন্তু যোৱা ২০ অক্টোবৰৰ নিশা শহুৰেকৰ ঘৰলৈ আহি জোৱান জনে শহুৰ , শাহু ,পত্নী সকলোকে নিৰ্মম ভাবে প্ৰহাৰ কৰে। ইমানেই নহয়, স্থানীয় আৰক্ষী চকীত জোৱানজনক শহুৰৰ ঘৰত হত্যা কৰিবলৈ চেষ্টা বুলি এক ভুৱা গোচৰ দিয়ে। আৰক্ষীয়েও সমগ্ৰ ঘটনাৰ বুজ নোলোৱাকৈয়ে পত্নী, কণমানি জীয়ৰী, শাহু, শহুৰক জে’ললৈপ্ৰেৰণ কৰে বুলি অভিযোগ আনিছে পত্নীৰ পৰিয়ালে ।

ইতিমধ্যে এসপ্তাহ জে’লত থাকি জামিন লাভ কৰে পৰিয়ালটোৱে। জে’লৰ পৰা ওলাই সমগ্ৰ ঘটনা সন্দৰ্ভত যোৰহাট থানাত এখন এজাহাৰ দিছে জোৱানজনৰ পত্নীয়ে। লগতে জোৱান জনে বেলেগ বেলেগ মহিলাৰ লগত নিৰ্মাণ কৰা দুটা অশ্লীল ভিডিঅ’ও আৰক্ষীক দিছে পত্নীয়ে। আৰক্ষীয়ে ইতিমধ্যে জোৱানজনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে যদিও এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই জোৱানজনক।

 
আৰু চাওক পৰৱৰ্তী বাতৰি