মিডিয়া ৰিপৰ্টচ অনুসৰি, উত্তীৰ্ণৰ সংখ্যা ২,৪৭,২৭৮। আনহাতে কলেজত আসনৰ সংখ্যা ১.৭৩ লাখ
মিডিয়া ৰিপৰ্টচ অনুসৰি, উত্তীৰ্ণৰ সংখ্যা ২,৪৭,২৭৮। আনহাতে কলেজত আসনৰ সংখ্যা ১.৭৩ লাখ
ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। বিকল্প মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰা ফলাফলত শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ অভিলেখ সংখ্যক। ফলত এতিয়া ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকলৈ এক জটিল পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে কলেজত আসনৰ সংখ্যা কম হোৱাত বহু ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান, বাণিজ্যৰ লগতে বৃত্তিমুখী শিক্ষাত সৰ্বমুঠ ২,৪৭,২৭৮গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। কিন্তু বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰা তথ্য মতে, মহাবিদ্যালয়ত থকা আসনৰ সংখ্যা ১.৭৩ লাখ। গতিকে অতিৰিক্ত ৭৪,২৭৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা চলিত বছৰত গ্ৰহণ কৰিব পাৰিবনে নাই, সেইলৈ ডাঙৰ প্ৰশ্নবোধকৰ উদয় হৈছে।
ইফালে CBSEত উত্তীৰ্ণ হৈছে ২৪ হাজাৰ শিক্ষাৰ্থী। আনহাতে কোৰোণা পৰিস্থিতিৰ বাবে ৰাজ্যৰ বাহিৰলৈ উচ্চ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰী যোৱাৰো সম্ভাৱনা কম। কেৱল ইমানেই নহয়, উচ্চতৰ মাধ্য়মিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আসনৰ সংখ্যাতকৈ ৬২ হাজাৰ বেছি। এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ বাবে চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইফালে শিক্ষামন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে আসনৰ অভাৱ নহব বুলিও আশ্বাস প্ৰদান কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|